প্ৰৱঞ্চনা! আৰক্ষীৰ জালত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতা খাইৰুল ইছলাম

প্ৰৱঞ্চনা! আৰক্ষীৰ জালত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতা খাইৰুল ইছলাম

June 13, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল এজন প্ৰৱঞ্চক।

মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নামনি অসমৰ প্ৰভাৰী খাইৰুল ইছলাম আৰিফক গ্ৰেপ্তাৰ গােৱালপাৰা আৰক্ষীৰ।

অভিযােগ অনুসৰি, দীৰ্ঘদিন ধৰি এই সংগঠনৰ নাম লৈ বহু অনৈতিক কাৰ্যৰ সৈতে জড়িত হৈ আছিল খাইৰুল।

বিশেষকৈ নামনি অসমৰ সাংগঠনিক দায়িত্ব পোৱাৰ পিছত অনৈতিকভাৱে জধে-মধে ধন দাবী কৰি এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছল নেতাগৰাকীয়ে।

উল্লেখ্য যে খাইৰুল ইছলাম আৰিফৰ ঘৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত কাৰাইখোৱাত।

নামনি অসমৰ কেইবাখনো জিলাত জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি আৰক্ষী অধীক্ষক, থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিজকে আৰএছ এছৰ ডাঙৰ নেতা বুলি পৰিচয় দি বিভিন্ন সুবিধা আদায় কৰাৰ চেষ্টা চলাইছিল খাইৰুলে।

এই বিষয়ে তথ্য লাভ কৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোৱালপাৰা সদৰ থানাত ৩৬০/২০২১ নম্বৰৰ এক গােচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

ভাৰতীয় দণ্ডবিধিৰ ৪৬৮/৪৭৪/৪২০/৩৮৪ নং ধাৰাত অধীনত ৰুজু হােৱা গোচৰ সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে চাওকঃ

১ লাখতকৈ অধিক আয় কৰা লোকক ৰেছন কাৰ্ড এৰিবলৈ আহ্বান যােগানমন্ত্ৰীৰ