১ লাখতকৈ অধিক আয় কৰা লোকক ৰেছন কাৰ্ড এৰিবলৈ আহ্বান যােগানমন্ত্ৰীৰ

নিউজ ডেস্ক। ৰাজ্যৰ যােগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আহ্বান।

বছৰি ১ লাখতকৈ অধিক আয় কৰা পৰিয়ালে স্বেচ্ছাই ত্যাগ কৰক ৰেছন কাৰ্ড।

শনিবাৰে ধুবুৰীত উপস্থিত হৈ এক সংবাদমেল যােগে এই আহ্বান মন্ত্ৰীগৰাকীৰ।

উল্লেখ্য যে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী ৰঞ্জিত দাসে ধুবুৰীৰ আৱৰ্ত ভৱনত এক সংবাদ মেল সম্বােধন কৰে।

উক্ত সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে জিলাখনত চলি থকা গৰুৰ চােৰাং বেহাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে সাম্প্ৰতিক সময়ত চলি থকা আৰক্ষীৰ অভিযানক সন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ গৰুৰ চোৰাং ব্যৱসায় বন্ধ হ’ব বুলি বিশ্বাসী।

সংবাদমেলত যােগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

সংবাদমেলত মন্ত্ৰী ৰঞ্জিত দাসে দেখালে এক বিশেষ চিত্ৰ।

২০০৯ চনত কান্ধত হাল ধৰি বিশ্লেষণ কৰিলে কিদৰে গৰুৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ প্ৰতিবাদ কৰিছিল বিজেপিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে জুলাই মাহত ঘৰে ঘৰে বিভাগীয় পৰীক্ষা হ’ব ৰেছন কাৰ্ডৰ।

চাকৰি কৰা বা ধনী ব্যক্তিয়ে ৰেছন কাৰ্ডৰ সুবিধা লৈ থাকিলে বাতৰিকাকত যোগে নাম ৰাজহুৱা কৰিব যােগান বিভাগে।

লগতে চাওকঃ

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱালে জনপ্ৰিয় ইউটিউবাৰ ভূৱন বামে

Leave a Comment