ফ্ৰী স্কুটী পাই স্পীডত নচলাব, নিয়ম-নীতি মানি চলিবঃ মন্ত্ৰী অতুল বৰাৰ পৰামৰ্শ

ফ্ৰী স্কুটী পাই স্পীডত নচলাব, নিয়ম-নীতি মানি চলিবঃ মন্ত্ৰী অতুল বৰাৰ পৰামৰ্শ

September 4, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ দেওবাৰে বোকাখাতত ২০২১-২২ বিত্তীয় বৰ্ষৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ “সখী এক্সপ্ৰেছ” আঁচনিৰ অধীনৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ ৩৬ গৰাকী বেংক সখী, বীমা সখী, জীৱিকা সখী, কৃষি সখী, পশু সখী আদি সামূহিক কৰ্মীক স্কুটী বিতৰণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই।

নাট্য মন্দিৰত অনুষ্ঠিত এই স্কুটী বিতৰণ অনুষ্ঠানত অংশ লৈ আজি নতুনকৈ স্কুটী লাভ কৰা সকলক স্পীডত গাড়ী নচলাবলৈ আৰু নিয়ন-নীতি মানি চলিবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰী অতুল বৰাই।

তেওঁ কয়, ‘ফ্ৰী স্কুটী পাই স্পীডত নচলাব, নিয়ম-কানুন মানি চলিব।’ আনহাতে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সকলোকে হেলমেট পিন্ধি স্কুটী চলাবলৈও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানত তেওঁ কয় যে বিগত অসমত চৰকাৰসমূহে অসমত যি ধৰণে উন্নয়ন কৰিব লাগিছিল সেয়া নকৰিলে। যোৱা এটা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চৰকাৰে বিভিন্ন উন্নয়নমুখী আঁচনি গ্ৰহণ কৰিছে। অসমক আগুৱাই লৈ যাবলৈ হ’লে সকলোৱে নিজৰ নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগিব বুলিও মন্তব্য কৰে অতুল বৰাই।

এই স্কুটী বিতৰণ অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, পৌৰপতি শ্ৰী ৰত্নেশ্বৰ বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।