বহিঃৰাজ্যত ক’ভিড-১৯ত আক্ৰান্ত হৈ অসমৰ লেখিকাৰ মৃত্যু

বহিঃৰাজ্যত ক’ভিড-১৯ত আক্ৰান্ত হৈ অসমৰ লেখিকাৰ মৃত্যু

May 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌত বহিঃৰাজ্যত নিতৌ মৃত্যু ঘটিছে অসমীয়া লােকৰ।

শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত অসমৰ এগৰাকী লেখিকাৰ বহিঃৰাজ্যত মৃত্যু হােৱা বুলি জানিব পৰা গৈছে।

মৃত্যু হোৱা লেখিকাগৰাকী নাম সুকন্যা চৌধুৰী। প্ৰয়াত চৌধুৰী কৰিমগঞ্জ চহৰৰ আজাদ সাগৰ ৰোডৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

পশ্চিম বংগৰ বৰ্ধমানৰ এখন হাস্পতালত মংগলবাৰে মৃত্যু হয় মহিলাগৰাকীৰ।

বিগত দহ দিন ধৰি অসুস্থ অৱস্থাত বৰ্ধমানৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল তেওঁ।

প্ৰয়াত সুকন্যা চৌধুৰী

সুকন্যা চৌধুৰী নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কৰিমগঞ্জ জিলা কমিটিৰ প্ৰাক্তন সম্পাদিকা, ৰাজ্যিক নেত্ৰী।

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক কমিটিয়ে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

লগতে শোক সন্তপ্ত পৰিয়াল আৰু সতীৰ্থ সকললৈ সমবেদনা জনাইছে।

লগতে চাওকঃ

মৰ্মান্তিক! কন্যাৰ বিবাহৰ প্ৰস্তুতিৰ মাজতে ক’ভিডত ভুগি ১২ ঘন্টাৰ ব্যৱধানত মৃত্যু হ’ল মাতৃৃ-কন্যাৰ