নতুন কৌশল! জুইচ পাউদাৰৰ টেমাত লুকুৱাই অনা ১.২੦ কােটি টকাৰ চােৰাং সােণ জব্দ বিমানবন্দৰত

নিউজ ডেস্ক। এইবাৰ সোণ সৰবৰাহত সৰবৰাকাৰীয়ে ব্যৱহাৰ কৰিলে নতুন কৌশল। জুইচ পাউদাৰৰ টেমাৰ ভিতৰত সোণ ভৰাই ছীল কৰি সৰবৰাহ কৰে সোণ।

এইবাৰ বিদেশৰ পৰা অহা তেনে এক পেকেজিং সামগ্ৰী চেন্নাই বিমানবন্দৰত জব্দ কৰিলে সীমা শুল্ক বিভাগে।

যোৱা ১০ মে’ত আন্তঃৰাষ্ট্ৰীয় এক সোণ সৰবৰাহকাৰী চক্ৰৰ পৰা বিভাগে জব্দ কৰে ২.৫ কিলো ওজনৰ সোণ।

জানিব পৰা মতে, ১০ মে’ দিনা আন্তঃৰাষ্ট্ৰীয় এক সোণ সৰবৰাহকাৰী চক্ৰই ডুবাইৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰিছিল সোণ। বিদেশী ডাক ব্যৱস্থাৰ দ্বাৰা জুইচ পাউদাৰৰ টেমাৰ ভিতৰত মিহলি কৰি সোণখিনি প্ৰেৰণ কৰিছিল চক্ৰটোৱে।

কিন্তু গোপন তথ্য লাভ কৰি সীমা শুল্ক বিভাগে তালাচী চলাই চেন্নাই বিমানবন্দৰত আৰু সেই অভিযানত ‘টাং ইনষ্টেন্ত’ নামৰ ছীল কৰা কেইটামান কমলা ৰসৰ পাউদাৰ টেমা, চকলেট আৰু অটছৰ পেকেটৰ ভিতৰত উদ্ধাৰ কৰে সোণ।

উল্লেখ্য যে প্ৰয়োজনতকৈ অধিক ওজন হয় সামগ্ৰী খিনিৰ। কোনেও যাতে পেকেট সমূহৰ ভিতৰত কিবা থকা বুলি ধৰিব নোৱাৰে, সেয়েহে সুন্দৰকৈ সেই পেকেট সমূহ কৰা আছিল ছীল।

উদ্ধাৰ কৰা ২.৫ কিলো ওজনৰ এই সোণখিনিৰ মূল্য হব প্ৰায় ১.২০ কোটি টকা।

বিভাগে বৰ্তমান এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে সামগ্ৰীখিনি অহা পেকেটটোৰ ওপৰত থকা ঠিকনাটো ভুৱা বুলি জানিব পৰা গৈছে। সেয়েহে এই কাৰ্যত ডাক বিভাগৰ কোনো কৰ্মচাৰী জঢ়িত থকাৰ সন্দেহ কৰিছে বিভাগে।

লগতে চাওকঃ

নিজে ক’ভিড ৰােগী হৈও আক্ৰান্ত গৰ্ভৱতী ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে এম্বুলেঞ্চ চলাই গ’ল ভাতৃয়ে

Leave a Comment