বহিঃ ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা কন্টেইনাৰ ট্ৰাকসহ জব্দ ৩০ টা গৰু

নিউজ ডেস্ক। গণতন্ত্ৰ দিৱসৰ মাজত মাথো কেইটামান ঘণ্টাৰ পূৰ্বে ধুবুৰীৰ ছাগলীয়া আৰক্ষীৰ বৃহৎ সাফল্য ।

UP-21CN/5373 নম্বৰৰ এখন কন্টেইনাৰ সহ জব্দ ৩০ টাকৈ বহিঃ ৰাজ্যৰ উন্নত জাতৰ গৰু ।

গৰু কেইটা পশ্চিম বংগৰ সোণাপুৰৰ পৰা গুৱাহাটী লৈ নি থকাৰ সময়তে ছাগলীয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ গৰু কেইটা ।

গোপন সূত্ৰৰ আধাৰত লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ নেতৃত্বত আজি পুৱতি নিশা ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বি এছ বসুমতাৰী আৰু সহ উপ-পৰিদৰ্শক সাহাজাত আলীৰ সহযোগত ধুবুৰী আৰক্ষীয়ে জব্দ কৰে কন্টেইনাৰসহ গৰু কেইটা ।

আৰক্ষীয়ে গৰু কঢ়িয়াই নিয়া কন্টেইনাৰখনৰ চালক আছিফ খান আৰু খালাচি আৰবাজ খানক আটক কৰে । দুয়োৰে ঘৰ উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাৰ কুন্দৰ্কী গাঁৱত বুলি জনা গৈছে।

Leave a Comment