বাইকক প্ৰচণ্ড জােৰে খুন্দিয়ায় পলায়ন তীব্ৰবেগী বাহনৰ, গ্ৰেপ্তাৰ চালকসহ ৪ আৰােহী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ দৃশ্য। যিটো দেখিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব।

দুজন আৰোহী যোৱা এখন মটৰ চাইকেলত এখন বিলাসী গাড়ীয়ে খুন্দা মাৰে। যাৰ ফলত পথৰ কাষৰ ৰেলিঙত খুন্দা মাৰে মটৰ চাইকেল। আৰু দুই আৰোহী পৰে পথত।

এই দৃশ্য তামিলনাডুৰ এক ঘাইপথৰ। দৃশ্যটো বন্দী হয় মটৰ চাইকেলৰ খনৰ পিছে পিছে যোৱা এখন গাড়ীৰ ডেছবৰ্ডত সংস্থাপিত কেমেৰাত।

দৃশ্যটোত দেখা অনুসৰি, পথটোত এখন মটৰ চাইকেল গৈ আছে। মটৰ চাইকেল খনত আছে দুজন যুৱক। তেনেতে হঠাতে পিছফালৰ পৰা যোৱা এখন দ্ৰুত বেগী গাড়ীয়ে মটৰ চাইকেখন অতিক্ৰম কৰিবলৈ চেষ্টা কৰি মটৰ চাইকেল খনত খুন্দা মাৰে।

খুন্দা মৰাৰ ফলত মটৰ চাইকেল খন পথৰ কাষৰ ৰেলিঙত খুন্দা খাই চুৰ্ণ-বিচুৰ্ণ হৈ পৰে। আনহাতে যুৱক দুজন পথত বেয়াকৈ পৰি যায়।

হেলমেট পৰিধান কৰি থকা এজন যুৱকে উঠি চাই ইজন যুৱকক। কিন্তু সেই যুৱক জনে উঠিব পৰা নাই। পথত পৰি ছটফটাই আছে। তাৰ বিপৰীতে গাড়ীখন নোৰোৱাকৈ অধিক বেগত গুচিহে যায়। গাড়ীখন আছিল কলা ৰঙৰ হ্যুণ্ডাই ক্ৰেতা গাড়ী।

উল্লেখ্য যে পিছফালৰ গাড়ীখনৰ কেমেৰাত বন্দী হোৱা দৃশ্যটো সংগ্ৰহ কৰি এজন স্থানীয় লোক উপস্থিত হয় আৰক্ষী থানাত।

আৰক্ষীয়ে দৃশ্যটো প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰে। আৰু ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে।

ইয়াৰ পিছতেই সোমবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালকজনক।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনা ২৫ জুলাইৰ দুপৰীয়া ২:৩০ মান বজাত সংঘটিত হয় তামিলনাডুৰ চালেম-কইম্বাটৰ ঘাইপথত।

সোমবাৰে নিশা দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালকজনক গ্ৰেপ্তাৰ কৰা হয়। চালকজনক পেৰামবালোৰ সতীশ কুমাৰ (৩৫) বুলি জানিব পৰা গৈছে।

গাড়ীখনত সেই সময়ত যোৱা আন তিনিজনকো গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে মটৰ চাইকেলত যোৱা যুৱক দুজনক কাল্লাকুৰুচি জিলাৰ অজিথ আৰু অৰুণ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Leave a Comment