বাইক এখন, আৰোহী ৭ জন! সামাজিক মাধ্যমত ভাইৰেল এটা আশ্বৰ্যকৰ ভিডিঅ’, দেখি হতবাক নেট দুনীয়া…

বাইক এখন, আৰোহী ৭ জন! সামাজিক মাধ্যমত ভাইৰেল এটা আশ্বৰ্যকৰ ভিডিঅ’, দেখি হতবাক নেট দুনীয়া…

August 31, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ এখন বাইকত কেইজন উঠিব পাৰে? আপুনি নিশ্চয় ক’ব- দুজন বা তিনিজন। বা খুব বেছি ৪ জন। কিন্তু সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’, যি ভিডিঅ’ প্ৰত্যক্ষ কৰি হতবাক হৈ পৰিছে নেট ব্যৱহাৰকাৰীও। কিয়নো দুজন বা তিনিজন নহয়, বৰং এখন বাইকত উঠি যাত্ৰা কৰিছে মুঠ ৭জনকৈ লোকে।

আইএএছ বিষয়া সুপ্ৰিয়া চাহুৱে টুইটাৰত এই ভিডিঅ’টো পোষ্ট কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে দুগৰাকী মহিলাৰ লগতে ৪টি শিশুৱে যাত্ৰা কৰিছে এখন বাইকত। বাইকখন চলাইছে এজন ব্যক্তিয়ে।

ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি আইএএছ বিষয়া সুপ্ৰিয়া চাহুৱে কেপশ্যনত লিখিছে- নিৰ্বাক! অৰ্থাৎ এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি তেওঁ নিজেই যেন নিজৰ কথা হেৰুৱাই পেলাইছে। সামাজিক মাধ্যমত ব্যাপকৰূপে ভাইৰেল হৈ পৰা এই ভিডিঅ’টো দেখি একেই অৱস্থা হৈছে আন নেট ব্যৱহাৰকাৰীৰো।

কিন্তু একাংশই এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি উদ্বেগ ব্যক্ত কৰাও পৰিলক্ষিত হৈছে। ইমান সংখ্যক লোকে এখন দুচকীয়া বাহনত যাত্ৰা কৰাৰ ফলত এটা সৰু ভুলেই আটাইকেইজনক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে পাৰে বুলিও আশংকা ব্যক্ত কৰিছে অনেকে।