বাৰীৰ আম পাৰি খাবি কিয়? বিজেপি বিধায়কৰ ঘৰৰ পৰা আম ‘চুৰি’ কৰি বিপদত পৰিল এজন

নিউজ ডেস্ক। এগৰাকী শাসনাধিষ্ঠিত দলৰ বিধায়কৰ চৰকাৰী আৱাসৰ চৌহদত থকা এজােপা আমগছৰ পৰা ৫ টাকৈ আম পাৰি বিপদত পৰিল এজন লােক।

বিধায়কৰ ৰান্ধনীৰ অভিযােগৰ ভিত্তিত লােকজনক আটক কৰে দিছপুৰ আৰক্ষীয়ে।

জানিব পৰা মতে, দিছপুৰ আৰক্ষীয়ে আটক কৰা আটক কৰা লােকজনৰ নাম সুভাষ বর্মন।

এই লােকজন বিধায়ক আৱাসৰ সমীপতে ফটােষ্টেটৰ দােকান চলায়।

এই লােকজনক দিন দুপৰতে দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ চৰকাৰী বাসগৃহৰ চৌহদত থকা এজোপা আম গছৰ পৰা আম পাৰি থাকোতে বিধায়কৰ ৰান্ধনিজনে হাতে লোটে ধৰা পেলায়।

ইয়াৰ পাছতে বিধায়কৰ ৰান্ধনিগৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে।

ইফালে বিধায়কৰ ৰান্ধনিজনৰ এজাহাৰৰ ভিত্তিতে দিছপুৰ থানাৰ আৰক্ষীয়ে সুভাষ বৰ্মন নামৰ ব্যক্তিজনক আটক কৰি থানালৈ লৈ আনে।

বর্তমান সমগ্র ঘটনাটো সন্দৰ্ভত ধৃত ব্যক্তিজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইপিনে, এই ঘটনাই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

এটা নগণ্য ‘অপৰাধ’ৰ বাবে এজন লােকৰ বিৰুদ্ধে আৰক্ষীয়ে অতি তৎপৰতাৰে ব্যৱস্থা লােৱাত আশ্চৰ্য প্ৰকাশ কৰিছে বিভিন্নজনে।