বিজুতিৰ বাবে খেলপথাৰত অৱতৰণ কৰা হেলিকপ্টাৰৰ পূজা, উৰণৰ মুহূৰ্তত এইটাে শ্ল’গান ৰাইজৰ…

নিউজ ডেস্ক। এক ব্যতিক্ৰমী দৃশ্য। কাৰিকৰী বিজুতিৰ বাবে ৪ দিন ধৰি আবদ্ধ হৈ থকা সেনাৰ অত্যাধুনিক হেলিকপ্টাৰ পুনৰ মেৰামতিৰ পাছতে উৰণৰ মুহূৰ্তত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।

উক্ত ঠাইত সমবেত হােৱা শ শ স্থানীয় লােকে হেলিকপ্টাৰখনৰ উৰণৰ মুহূৰ্তত দিলে দেশপ্ৰেমমূলক শ্ল’গান।

হাতে হাতে ত্ৰিৰং পতাকা লৈ থকা লােকৰ ভাৰত মাতা কী জয়, বন্দে মাতৰম আদি শ্ল’গানৰ মাজতে পুনৰ গন্তব্য স্থানলৈ উৰা মাৰিলে সেনা বাহিনীৰ চিনুক হেলিকপ্টাৰখনে।

GV1

উল্লেখ্য যে যোৱা বুধবাৰে বিহাৰৰ বাক্সাৰ জিলাৰ ৰাজপুৰ ব্লকৰ মানিকপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত জৰুৰী অৱতৰণ কৰিছিল সেনাৰ এখন চিনুক হেলিকপ্টাৰ।

হেলিকপ্টাৰৰ ফেনৰ কাৰিকৰী বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰিছিল। যাৰ ফলত নিৰাপদে জীৱন ৰক্ষা পৰিছিল হেলিকপ্টাৰখনত অহা ২০ জন সেনা বিষয়া-জােৱানৰ।

শনিবাৰে অৰ্থাৎ জৰুৰী অৱতৰণৰ চতুৰ্থ দিনা কাৰিকৰী বিজুতি সংশোধন কৰাৰ পিছত বায়ুসেনাৰ হেলিকপ্টাৰ চিনুকে উৰা মাৰে।

চিনুক বিহতালৈ ৰাওনা হয়। ইফালে সেই সময়ত বিদ্যালয়খনৰ চাৰিওফালে শ শ লোকৰ ভিৰ হৈছিল।

news8-1630141879

হেলিকপ্টাৰখন উৰা মৰাৰ লগে লগে হাতত ত্ৰিৰংগা লৈ থকা লোকসকলে সমস্বৰে ‘ভাৰত মাতা কী জয়’ৰ শ্ল’গান দিছিল।

বায়ুসেনাৰ কাৰিকৰী বিশেষজ্ঞ আমান সমীৰে কয় যে, “সেনাৰ কাৰ্যকৰী কাৰ্যালয়ৰ কাৰিকৰী বিশেষজ্ঞৰ এটা দলে সেই ত্ৰুটিটো ঠিক কৰিছিল। তাৰ পিছতেই পুৱা ১১:৩০ বজাত চিনুকে উৰা মাৰে। যোৱা তিনিদিন ধৰি কাৰিকৰী দলে হেলিকপ্টাৰখন নিৰন্তৰ মেৰামতি কৰি আছিল।”

কাৰিকৰী সমস্যাটো ঠিক কৰাৰ পিছত হেলিকপ্টাৰখনৰ পৰীক্ষণ কৰা হৈছিল। সফল পৰীক্ষণৰ পিছত স্থানীয় লোকে মাটিখিনি পূজা কৰিছিল।

পূজা পাঠৰ পিছত পাইলটজনে হেলিকপ্টাৰখন অন কৰে আৰু আকাশত তিনি ৰাউণ্ড লৈ পুনৰ হেলিপেডত অৱতৰণ কৰে।

ইয়াৰ পিছতেই আকৌ পাইলটজনে হেলিকপ্টাৰৰ উৰণ আৰম্ভ কৰাৰ লগে লগে উপস্থিত শ শ যুৱক-যুৱতী আৰু গাওঁবাসীয়ে হাতত ত্ৰিৰংগা লৈ ‘ভাৰত মাতা কী জয়’ শ্ল’গান দিয়ে।

উল্লেখ্য যে যেতিয়াৰ পৰা বায়ুসেনাৰ হেলিকপ্টাৰখন মানিকপুৰ গাঁৱৰ বিদ্যালয় চৌহদত অৱতৰণ কৰিছিল। তেতিয়াৰ পৰাই সেই স্থানত মানুহৰ ভিৰ কৌতূহলজনকভাৱে হ’বলৈ আৰম্ভ কৰিছিল।

বাক্সাৰৰ উপৰিও উত্তৰ প্ৰদেশৰ গাজীপুৰ, বালিয়াৰ, ৰোহতাছ জিলাৰ পৰাও সেই স্থানত ভিৰ হৈছিল।

মানুহে হেলিকপ্টাৰ চোৱাৰ লগতে ইয়াৰ সুৰক্ষাৰ বাবে বেৰিকেডৰ চাৰিওফালে ঘন্টাৰ পিছত ঘণ্টা থিয় হৈ আছিল।

এই গাওঁখনৰ সকলো পুৰুষ আৰু মহিলাই সেনা জোৱানসকলৰ খোৱা-বোৱাৰ দায়িত্ব লোৱাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা কৰিছিল। হেলিকপ্টাৰ চাবলৈ টেম্প’, গৰুগাড়ী আৰু ট্ৰেক্টৰত মানুহৰ ভিৰ হৈছিল।

অঞ্চলটোত ভিৰ হোৱাৰ লগে লগে ওচৰৰ বহুতো বজাৰৰ ব্যৱসায়ীয়ে চিঙৰা, ভুজন আৰু জেলেবিৰ দোকানবোৰো সেই স্থানলৈ লৈ আহিছিল। বহুতে সেই ঠাইতে বজাৰো কৰিছিল।

ইয়াৰ ফলত চাৰিওদিন দোকান সমূহৰ যথেষ্ট বিক্ৰীও হৈছিল।

Leave a Comment