জোৱানে চখতে বিয়া কৰালে তিনিজনীক, অৱশেষত চম্ভালিব নোৱাৰি পৰিল বিপদত

নিউজ ডেস্ক। কেতিয়াবা কোৱা হয় যে বিবাহত আৱদ্ধ হোৱা মানেই যেন ডিঙিত জৰী লগোৱা। এইবাৰ এই কথা যেন কিছু হ’লেও সঁচা প্ৰমাণিত হ’ল এজন সেনা জোৱানৰ ক্ষেত্ৰত।

জোৱানজনে চখতে মিছা কথা কৈ বিয়া কৰালে তিনি গৰাকীক। তিনি পত্নীৰ স্বামী হ’ল তেওঁ। কিন্তু পাৰিবাৰিক সমস্যা চম্ভালিব নোৱাৰি তেওঁ পৰিল বিপদত।

পত্নীয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীক দিলে গোচৰ। শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক। আৰু শনিবাৰে তেওঁক প্ৰেৰণ কৰা হয় জেললৈ।

নিজৰ ভুল উপলব্ধি কৰি তেওঁ এতিয়া কান্দিছে জে’লত। জে’ললৈ যোৱা জোৱানজন হ’ল হাৰিয়ানাৰ কুৰুক্ষেত্ৰ নগৰৰ বাসিন্দা তথা হাবিলদাৰ মনীষ।

photo-2021-08-28-23-12-45

জানিব পৰা মতে, জোৱান মনীষে আত্মীয় স্বজনৰ ইচ্ছাত সামাজিক ৰীতি অনুসৰি প্ৰথম বিবাহ কৰাইছিল। তাৰ পিছতেই তেওঁ অবিবাহিত বুলি কৈ প্ৰেমত আৱদ্ধ হয় এগৰাকী হাইদৰাবাদৰ যুৱতীৰ সৈতে।

পৰৱৰ্তী সময়ত সেই যুৱতী গৰাকীক তেওঁ বিবাহ কৰায়। সেই একেই প্ৰক্ৰিয়াৰে তেওঁ তৃতীয় গৰাকী পত্নীকো বিয়া কৰায়। সিমানলৈকে সকলো ঠিকেই আছিল।

কিন্তু লাহে লাহে তেওঁ পৰিয়ালৰ দায়িত্ব পালন কৰাত অসুবিধাৰ সন্মুখীন হবলৈ ল’লে। সেয়েহে প্ৰতিগৰাকী পত্নীয়েই তেওঁৰ বিৰুদ্ধে অধিকাৰ বিচাৰিবলৈ ল’লে।

সেই অনুসৰি প্ৰথম পত্নীয়ে পত্নীৰ অধিকাৰ বিচাৰে। দ্বিতীয় পত্নীয়ে অধিকাৰ হিচাপে পুত্ৰক বিচাৰে। আৰু তৃতীয় পত্নীয়ে অধিকাৰ হিচাপে তেওঁৰ লগত থাকিব বিচাৰে।

DJLFe-F-VFFQe-IYSFZ-IYF-AFSFZd-FF-FZFF-IYF-FFFF-FFe-F-IYFFS-FF-FF-FFFF-IYe-QFSXe-F-e

তৃতীয় পত্নী চাৰি মাহৰ অন্তসত্বা। ইয়াৰ পিছতেই তেওঁ সন্মুখীন হয় ইটোৰ পিছত সিটো সমস্যাৰ।

পত্নীক কোনো কথাত সৈমান কৰাব নোৱাৰে তেওঁ। অৱশেষত দ্বিতীয় পত্নীয়ে আৰক্ষীক গোচৰ দিয়ে তেওঁৰ বিৰুদ্ধে। আৰু আৰক্ষীয়ে গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

আৰক্ষী বিষয়া তপেশ্বৰ সাগৰে কয় যে অভিযুক্তজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। গোচৰটোৰ তদন্ত চলি আছে।

ভুক্তভোগীৰ দ্বিতীয় পত্নীয়ে মনীষৰ বিৰুদ্ধে বিবাহ, ধৰ্ষণ আদিৰো অভিযোগ আনে। তেওঁ কয় যে তেওঁ গোটেই গোচৰটো ক’বলৈ সেনা বিষয়াসকলক লগ কৰিব। যাতে মনীষক তেওঁ কৰা কামৰ বাবে ক’ৰ্ট মাৰ্শাল হিচাপে শাস্তি দিব পাৰে।

Leave a Comment