বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ নিঃশেষ হ’ল এটা পৰিয়াল…

বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ নিঃশেষ হ’ল এটা পৰিয়াল…

November 26, 2021 0 By NEWS DESK

এক শোকাৱহ পথ দুৰ্ঘটনা। বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ নিঃশেষ হ’ল এটা পৰিয়াল।

দুৰ্ঘটনাত প্ৰাণ গ’ল স্বামী-স্ত্ৰীসহ দুই সন্তানৰ।

এই ঘটনা বৃহস্পতিবাৰে নিশা সংঘটিত হয় মধ্য প্ৰদেশৰ সাতনাৰ মাইহাৰৰ জিতনগৰ গাঁৱত।

photo-2021-11-25-12-54-18

দ্ৰুতবেগী ট্ৰাক আৰু গাড়ীৰ মাজত তীব্ৰ সংঘৰ্ষ হোৱাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা যায়।

খবৰ অনুসৰি, গাড়ীখন সত্য প্ৰকাশ উপাধ্যায়ে চলাইছিল। তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে এখন বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গাড়ীৰে সাতনালৈ গৈ আছিল।

নিশা প্ৰায় ১১ মান বজাত পৰিয়ালটো সাতনাৰ পৰা মাইহাৰলৈ গৈ থকা অৱস্থাত তেওঁলোকে এখন আহি থকা দ্ৰুতবেগী ট্ৰাকত খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষৰ পিছত ট্ৰাকখনে গাড়ীখন বহু দূৰলৈ টানি নিছিল।

ঘটনাটোৰ পিছত ঘটনাস্থলীত বিশৃংখলতা দেখা দিছিল।

আহত সকলক স্থানীয় লোকৰ সহায়ত চিকিৎসাৰ বাবে মাইহাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মৃত সকলক সত্য প্ৰকাশ উপাধ্যায় (৪০), পত্নী মেনিকা উপাধ্যায় (৩৫), কন্যা ঈশানী উপাধ্যায়ৰ (১০), স্নেহ উপাধ্যায়ৰ (৮) বুলি চিনাক্ত কৰা হয়।

আৰক্ষীয়ে অভিযুক্ত ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে পৰিয়ালটোৱে দুৰ্ঘটনাটোৰ কিছু সময়ৰ পূৰ্বে এখন ফটো তুলিছিল। কিন্তু তেওঁলোকেও নাজানিছিল যে সেই ছবিখনেই তেওঁলোকৰ অন্তিমখন ছবি হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল