নিউজ ডেস্ক। বিশ্বৰ সৰ্বােচ্চ শৃংগ এভাৰেষ্ট আৰােহণ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে এগৰাকী অসমীয়া যুৱকে।
কামৰূপ জিলাৰ হাজোৰ হেদায়েৎ আলীয়ে আৰােহণ কৰিলে এভাৰেষ্ট শৃংগ।
এভাৰেষ্ট শৃংগত আৰােহণ কৰা সপ্তমগৰাকী অসমীয়া হিচাপে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে হেদায়েৎ আলীয়ে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/05/2.jpeg?resize=900%2C506&ssl=1)
উল্লেখ্য যে কৰ্মসূত্ৰে আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত বাস কৰে হেদায়েৎ আলীয়ে।
জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ৭.৩০বজাত এভাৰেষ্ট শৃংগ আৰোহণ কৰে হেদায়েৎ আলীয়ে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/05/1.jpeg?resize=900%2C506&ssl=1)
কঠোৰ বিপদ সংকুল পৰিবেশৰ মাজত একমাত্ৰ সপোন দিঠকত পৰিগণিত কৰাৰ স্বাৰ্থত হেদায়ৎ আলীয়ে এই বিৰল সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়।
কামৰূপ জিলাৰ হাজো দামপুৰৰ মাজৰচুপাত ঘৰ হেদায়েতৰ।