বিহু কেইদিন পাতিব সেয়া ৰাইজৰ কথা মন্ত্ৰী-বিধায়কৰ নহয়ঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। ‘বিহু কেইদিন পাতিব লাগে সেয়া মন্ত্রী-বিধায়কে ক’ব নালাগে, তেওঁলোকে দেশৰ উন্নয়নৰ কামত গুৰুত্ব দিয়ক।’

এই মন্তব্য অসমৰ জনপ্রিয় শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্র’ব জুবিন গাৰ্গৰ।

উল্লেখ্য যে ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জুবিন গাৰ্গে।

বিহু ৰাইজৰ আৰু বিহু পাতিবলৈ কাৰো অনুমতি লোৱাৰ প্ৰয়োজন নাই বুলিও জুবিনে কয়।

জুবিনৰ কয়, ‘মন্ত্ৰী-বিধায়কে বিহু কেইদিন পাতিম ক’ব নালাগে, বিহু ৰাইজৰ আৰু ৰাইজে বিহু এদিন পাতে এমাহ পাতে, সেয়া ৰাইজেহে ক’ব আৰু ইয়াত কোনো বাধ্যবাধকতা নাই। তুমি ক’বলৈ কোন? হু দ্য হেল ইউ আৰ?’

তেওঁ লগতে কয়, ‘মন্ত্রী বিধায়কৰ কাম ৰাজ্য-দেশৰ চিন্তা কৰা আৰু উন্নয়নৰ কাম কৰা, সাংস্কৃতিক দিশ চাবলৈ মই আছো, গতিকে তেওঁলোকে এইবোৰ কামতহে মন দিয়া উচিত।’

Leave a Comment