একেলগে ৩ যমজ ভগ্নীক বিয়া এজন যুৱকৰ! সামাজিক মাধ্যমত চৰ্চিত এই ব্যতিক্ৰমী বিয়া

একেলগে তিনি যমজ ভগ্নীৰ বিবাহ সম্পন্ন হ’ল এজন পুৰুষৰ লগত।

এই অদ্ভূত বিবাহখনে এতিয়া ছ’চিয়েল মিডিয়াত লাভ কৰিছে তীব্ৰ চৰ্চা। এই বিবাহখন সম্পন্ন হয় আফ্ৰিকাৰ কংগোৰ দেশত।

জানিব পৰা মতে, অনুসৰি লুৱিজো নামৰ যুৱকজনে তিনি যমজ ভগ্নী ক্ৰমে-নাটালী, নাদেজ আৰু নাতাশাৰ পৰা একেলগে লাভ কৰিছিল বিবাহৰ প্ৰস্তাৱ।

তিনিওৰে প্ৰেমত পৰা লুৱিজোৱে অৱশেষত তিনি যমজ ভগ্নীকে পত্নীৰূপে স্বীকাৰ কৰি লয়। লুৱিজোৱে তেওঁৰ তিনি পত্নীৰ সৈতে বিবাহৰ ফটো সামাজিক মাাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে।

লুৱিজোৱে এক সাাক্ষাৎ কোৱা মতে, তেওঁৰ প্ৰথমে নাটালীৰ সৈতে সাক্ষাৎ হৈছিল। পিছত নাটালীয়ে তেওঁৰ ভগ্নী নাদেজ আৰু নাতাশাৰ সৈতেও লুৱিজোৰ চিনাকি কৰাই দিয়ে। যাৰ ফলত চাৰিওৰে মাজত ভাল বন্ধুত্ব গঢ় লৈ উঠে। কিন্তু পিছত তিনিও ভগ্নীয়ে একেলগে লুৱিজোক বিবাহৰ প্ৰস্তাৱ দিয়াত বিমোৰত পৰে যুৱকজন।

আফ্ৰিমেক্স নামৰ এটা সংবাদ মাধ্যমৰ সৈতে কথা পাতি তিনি ভগ্নীয়ে কয়, “যেতিয়া আমি লুৱিজোক কৈছিলো যে তেওঁ আমাৰ তিনিওজনক বিয়া কৰাব লাগিব, তেতিয়া তেওঁ হতবাক হৈছিল। কিয়নো তেওঁ ইতিমধ্যে আমাৰ সকলোৰে প্ৰেমত পৰিছিল, সেয়েহে বিয়া কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰিলে। আমি তিনি ভগ্নীয়েই লুৱিজোক ভাল পাও।”

ইফালে লুৱিজোৱে কয় যে, তেওঁৰ এই বহুবিবাহক লৈ তেওঁৰ পৰিয়াল মুঠেও সন্তুষ্ট নাছিল। যাৰ বাবে তেওঁৰ বিবাহ অনুষ্ঠানতো পৰিয়ালৰ কোনো সদস্য উপস্থিত নাছিল।

লুৱিজোৱে কয়, ‘মই তিনিওজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ সুখী। আনে যিয়েই নকওক কিয়, মই মাত্ৰ এয়াই ক’ব পাৰোঁ যে প্ৰেমৰ কোনো সীমা নাই।’

Leave a Comment