বিয়াৰ দিন ধৰি এই বিশেষ কাৰণত পত্নীৰ লগতে নিজেও মংগলসূত্ৰ পিন্ধে স্বামীয়ে…

নিউজ ডেস্ক। সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এহাল দম্পতী। ইয়াৰ কাৰণ এইটােৱে যে বিয়াৰ দিন ধৰি পত্নীৰ দৰেই ডিঙিত মংগলসূত্ৰ পিন্ধে স্বামীয়েও।

মূলতঃ সমাজত পুৰুষ-নাৰীক সমান মৰ্যাদা প্ৰদানৰ এক বাৰ্তা কঢ়িয়াই এই ব্যতিক্ৰমী পদক্ষেপ ল’লে এজন যুৱকে।

প্ৰথম অৱস্থাত দৰাজনৰ এই পদক্ষেপক লৈ কইনাৰ লগতে পৰিয়াল, আত্মীয়-স্বজন হতবাক হৈ পৰিছিল যদিও পাছত এই মহৎ উদ্দেশ্যৰ কথা জানিব পাৰি কােনেও এই কাৰ্যৰ বিৰােধিতা নকৰিলে।

জানিব পৰা মতে, পুনেৰ শ্বাৰ্দুল কাদম নামৰ যুৱক এজনে বিবাহৰ সময়ত দৰাৰ সাজত পিন্ধি লৈছিল মংগলসূত্ৰ।

নিয়মানুসৰি এই মংগলসূত্ৰ মহিলাইহে পৰিধান কৰে। শ্বৰ্দুল কাদমে পৰিয়ালৰ কােনাে সদস্যক আগতীয়াকৈ অৱগত নকৰাকৈ বিয়াৰ দিনা মংগলসূত্ৰ পৰিধান কৰে। ন-কইনাই স্বামীৰ ডিঙিত মংগলসূত্ৰ পিন্ধাই দিয়ে।

দৰা কাদমে মংগলসূত্ৰ পৰিধান কৰা আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে মুহূৰ্ততে ভাইৰেল হৈ পৰে।

ইয়াৰ পাছতে দৰাই মংগলসূত্ৰ পৰিধান কৰা বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

একাংশ লোকে শ্বাৰ্দুল কাদমৰ এনে ব্যতিক্ৰমী পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰি মন্তব্য কৰিছে। আনহাতে, বহু লােকে এই পদক্ষেপক মুকলিকৈ প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে।

এই বিষয়ে যুৱকজনে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি, বিগত বছৰৰ ছেপ্টেম্বৰ মাহত যেতিয়া তেওঁলােকে বিয়াৰ পৰিকল্পনা কৰিছিল, তেতিয়া প্ৰেয়সী তনুজাক প্ৰশ্ন কৰিছিল যে কেৱল মহিলাই বিয়াত বহা দিন ধৰি মংগলসূত্ৰ কিয় পৰিধান কৰে? শ্বাৰ্দুলে তেতিয়া তনুজাক কৈছিল ”আমি দুয়াে যিহেতু সমান, সেয়ে মই ভাবিছাে যে ময়াে তােমাৰ দৰেই মংগলসূত্ৰ পিন্ধিম।”

Leave a Comment