নিউজ ডেস্কঃ বিবাহৰ পিছত এটি সন্তানে সংসাৰখন পূৰ্ণ কৰি তোলে। শিশুৰ কলৰৱ, থুনুক থানাককৈ কঢ়া খোজ, ফুটা নুফুটা মাতেৰে মতা সেই মাতবোৰ শুনি সুখানুভূতিত বুৰ যাবলৈ কাৰনো মন নাযায়! কিন্তু সকলোৰে জানো সেই সৌভাগ্যকণ হয়!
বিয়াৰ পিছত এটি সন্তানৰ বাবে কিমান যে হাবাথুৰি খাইছিল দম্পতীহালে। কি ডাক্তৰ, কি কবিৰাজ সকলোৰে কাষত থৈয় হৈও যোৱা ৫০ টা বছৰে তেওঁলোকে এটা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ খিনি অৰ্জন কৰিব পৰা নাছিল। যাৰ বাবে সকলো থাকিও সদায় এক শূণ্যতাই বুৰাই ৰাখিছিল ঘৰখন।
এতিয়া যেন সেই শূণ্যতা খিনিয়েই দূৰ কৰি জীৱনটো ৰঙীন হৈ উঠিল এহাল সত্তৰোৰ্ধ্বৰ দম্পতীৰ। বিবাহৰ ৫০টা বসন্ত পাৰ হোৱাৰ পিছত প্ৰথমবাৰলৈ শিশুৰ কলৰৱেৰে মুখৰিত হৈ পৰিল তেওঁলোকৰ ঘৰখন।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/image-24.png?resize=512%2C384&ssl=1)
এয়া ৰাজস্থানৰ আলৱাৰৰ ঘটনা। আলৱাৰৰ নুহনিয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত সৈনিক গোপীচান্দ ঝুনঝুনৰ বৰ্তমান বয়স ৭৫ বছৰ। তেওঁৰ পত্নীৰ বয়স হৈছে ৭০ বছৰ। ইতিমধ্যেই বিবাহৰ ৫০ বৰ্ষ অতিক্ৰম কৰিছে এই দম্পতীহালে।
কিন্তু বিয়াৰ পিছত তেওঁলোকৰ সন্তান লাভৰ সুখ পূৰণ হোৱা নাছিল। যাৰ বাবে এটি সন্তানৰ বাবে তেওঁলোকে হাহাকাৰ কৰি আছিল সুদীৰ্ঘ কাল ধৰি।
কিন্তু অৱশেষত আধুনিক চিকিৎসা বিজ্ঞানে তেওঁলোকক দিলে এক অনন্য উপহাৰ। ৭০ বছৰ বয়সত আইভিএফ পদ্ধতিৰে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে গোপীচান্দ ঝুনঝুনৰ পত্নীয়ে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/image-23.png?resize=512%2C384&ssl=1)
চিকিৎসকে জানিবলৈ দিয়া মতে, বৰ্তমান শিশু আৰু মাতৃ দুয়োজনেই সম্পূৰ্ণ সুস্থ হৈ আছে। সন্তানৰ ওজন হৈছে ৩.৫ কেজি।
পিতৃত্বৰ গৌৰৱ অৰ্জন কৰি গোপীচান্দে আনন্দ ব্যক্ত কৰে। তেওঁ জানিবলৈ দিয়া মতে, প্ৰায় ডেৰ বছৰ পূৰ্বে তেওঁৰ আত্মীয়ৰ জৰিয়তে প্ৰজনন কেন্দ্ৰৰ কাষ চাপিছিল। তেওঁৰ পত্নী চন্দ্ৰাৱতী দেৱীয়ে আইভিএফৰ জৰিয়তে তৃতীয় প্ৰচেষ্টাত ন মাহ আগতে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হৈছিল। আৰু অৱশেষত সোমবাৰে তেওঁ এটা স্বাস্থ্যৱান সন্তান জন্ম দিয়ে।
উল্লেখ্য যে, শেহতীয়াকৈ সংসদৰ দ্বাৰা গৃহীত হোৱা আইন অনুসৰি, ২০২২ চনৰ জুনৰ পৰা কোনো আইভিএফ বন্ধ্যাত্ব কেন্দ্ৰই ৫০ বছৰৰ অধিক বয়সৰ মহিলা আৰু পুৰুষক চিকিৎসা প্ৰদান কৰিব নোৱাৰিব।
কিন্তু সৌভাগ্যৰ বিষয় এয়াই যে এই আইন বলবৎ হোৱাৰ পূৰ্বেই দম্পতীহালে আইভিএফ চিকিৎসা গ্ৰহণ কৰি অৱশেষত পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰে।
লগতে চাওকঃ
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/atul-sarma.jpg?resize=889%2C458&ssl=1)