বিৰল প্ৰজাতিৰ ৰেড্ পাণ্ডা উদ্ধাৰ দুই যুৱকৰ, পুনৰ বনাঞ্চলত মুকলি

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত পুনৰ দৃশ্যমান হ’ল দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰেড্ পাণ্ডা।

ৰাজ্যখনৰ শি-য়মি জিলাৰ মেচুকা উপ-সংমণ্ডলৰ য়াৰগিয়াপ-চু নদীৰ নামনি অংশৰ পৰা দুজন যুৱকে উদ্ধাৰ কৰে এটা বিৰল ৰেড্ পাণ্ডা।

উদ্ধাৰ কৰা সেই জন্তুবিধ শনিবাৰে পুৱা বন বিভাগ আৰু প্ৰশাসনে এখন বনাঞ্চলত মুকলি কৰি দিয়ে।

খবৰ অনুসৰি, মেচুকা চহৰৰ টনি মচিং আৰু টাকাৰ কোটিন মচু নামৰ দুজন যুৱকে নদীৰ কাঠত বিদেশী জন্তুটো লাগি থকা প্ৰত্যক্ষ কৰিছিল। লগে লগে দুয়োৱে ৰেড্ পাণ্ডাটোক উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত পাণ্ডাটোক মেচুকাৰ বনাঞ্চলিক বিষয়া টাঙ্গা মুৰ্তেমক হস্তান্তৰ কৰে।

বিষয়াজনে জন্তুটোক প্ৰাকৃতিক বাসস্থানত মুকলি কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি পৰৱৰ্তী সময়ত বন বিভাগ আৰু প্ৰশাসনৰ এটা দল সহ পাণ্ডাটোক এখন বনাঞ্চলত মুকলি কৰি দিয়ে।

পাণ্ডাটো উদ্ধাৰ কৰা দুয়োজন যুৱকক নগদ পুৰস্কাৰ সহ প্ৰশংসা কৰে বন বিভাগ আৰু প্ৰশাসনে।

বন বিভাগক প্ৰশংসা কৰি শি-য়মিৰ বিধায়ক তথা ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ পাচাং ডি সোনাই কয়, “বিপদাপন্ন প্ৰজাতিবোৰক প্ৰাকৃতিক বাসস্থানলৈ ঘূৰাই অনাৰ বাবে তেওঁলোকৰ প্ৰশংসনীয় পদক্ষেপৰ বাবে মই ব্যক্তিগতভাৱে যুৱ বনাঞ্চলিক বিষয়া আৰু তেওঁৰ দলক অভিনন্দন আৰু প্ৰশংসা কৰিছো।”

তেওঁ উদ্ধাৰকাৰীসকলকো প্ৰশংসা কৰে। আৰু কয় যে, তেওঁলোকৰ মহৎ কাৰ্যই আনকো তেনে কৰিবলৈ অনুপ্ৰাণিত কৰিব। তেওঁ জনসাধাৰণক বন্য জন্তু হত্যা নকৰিবলৈ আৰু পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা ৰক্ষা কৰিবলৈ আহ্বান জনায়।

জানিব পৰা মতে, শি-য়মি জিলাত এইটোৱেই ৰেড পাণ্ডা উদ্ধাৰ তথা নথিভুক্ত হোৱাৰ প্ৰথম ঘটনা। অৱশ্যে পূৰ্বে এই বিধ জন্তু কেইবাবাৰো দেখাৰ দাবী কৰে বন বিভাগে।

Leave a Comment