ব্যৰ্থ প্ৰেমৰ পৰিণতি! ৰে’ল আগত পৰি আত্মহত্যা যুৱকৰ, বন্ধুক বচাবলৈ গৈ প্ৰাণ গ’ল হাফিজুলৰো…

ব্যৰ্থ প্ৰেমৰ পৰিণতি! ৰে’ল আগত পৰি আত্মহত্যা যুৱকৰ, বন্ধুক বচাবলৈ গৈ প্ৰাণ গ’ল হাফিজুলৰো…

August 18, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ব্যৰ্থ প্ৰেমৰ বাবেই ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰিলে এজন যুৱকে। ইফালে বন্ধুক মৃত্যুমুখৰ পৰা বচাবলৈ গৈ মৃত্যুক সাৱটিবলগীয়া হ’ল আন এজন যুৱকেও।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কামৰূপৰ চাংসৰিত।

জানিব পৰা মতে, বুধবাৰে দৰঙৰ বোনমাঝাৰ বড়িগাঁৱৰ নিৱাসী নাছিৰ আলীৰ পুত্ৰ ইক্ৰাম আলী নামৰ ২২ বৰ্ষীয় যুৱকজনে প্ৰেমত ব্যৰ্থ হোৱাৰ বাবেই ৰে’লৰ আগত পৰি আত্মহত্যাৰ চেষ্টা চলায়।

সেই সময়ত ইক্ৰামৰ সৈতে থকা হাফিজুল আলী নামৰ একে গাঁৱৰ ২০ বছৰীয়া যুৱকজনে বন্ধুক বচাবলৈ চেষ্টা কৰোতেই দুয়োজনৰে ৰে’লৰ চেপাত মৃত্যু ঘটে।

জনিব পৰা মতে, মৃত ইক্ৰাম ই-ৰিক্সা চলোৱাৰ লগতে হাফিজুল আছিল এখন হোটেলৰ সহায়ক কৰ্মচাৰী। দুয়োজন যুৱকে বুধবাৰে গুৱাহাটীৰ পৰা চাংসাৰিৰ পৰা আহি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

বাতৰি অনুসৰি, ইক্ৰামে আত্মহত্যা কৰাৰ পূৰ্বে পৰিয়াল আৰু প্ৰেয়সীক লৈ কেইবাটাও আবেগিক মেছেজ হোৱাটছএপত কৰিছিল। দুয়োজন যুৱকৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে দৰঙৰ বোনমাঝাৰ বড়িগাঁৱত।