আশ্বৰ্যকৰ! ৮ মাহ ধৰি চলি আছিল এখন ভুৱা থানা, অৱশেষত গ্ৰেপ্তাৰ নকল আৰক্ষী বিষয়া, নকল কনিষ্টবল…

নিউজ ডেস্কঃ ভুৱা আৰক্ষী বিষয়া, কনিষ্টবল, লেডী পুলিচ, দাৰোেগাৰে চলি থকা এখন ভুৱা আৰক্ষী থানাৰ তথ্য পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিহাৰত। চিনেমাৰ শ্বুটিংস্থলীৰ দৰেই বিগত ৮ মাহ ধৰি চলি থকা এই ভুৱা আৰক্ষী থানাখনৰ ভুৱা আৰক্ষী বিষয়া-কনিষ্টবলে ধন দাবীৰে চলাই আহিছিল এক বৃহৎ বৱসায়।

শেহতীয়াকৈ এই থানাখনৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱা আৰক্ষী বিষয়া, কনিষ্টবল আদি সকলোকে।

উল্লেখ্য যে, এই ভুৱা থানাখন চলি আহিছিল বিহাৰৰ বাংকা চহৰৰ এটা ব্যক্তিগত অতিথিশালাত।

এই সন্দৰ্ভত বাংকা থানাই জনোৱা মতে, এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল। অপৰাধীক কৰায়ত্ত কৰি থানালৈ উভতি অহাৰ সময়তে বাংকা গেষ্ট হাউচৰ সন্মুখৰ ৰাস্তাত এগৰাকী অচিনাকি মহিলা আৰু আৰক্ষীৰ সাজ-পোছাক পৰিহিত এজন যুৱকক তেওঁলোকে প্ৰত্যক্ষ কৰে।

সন্দেহৰ ভিত্তিত মহিলাগৰাকী আৰু যুৱকজনক বাংকা আৰক্ষীয়ে সোধা-পোছা কৰাত ভুৱা থানাৰ বিষয়টো পোহৰলৈ আহে। SHO গৰাকীয়ে জনোৱা মতে, ধৃত মহিলা অনিতাই নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি বিহাৰ আৰক্ষীৰ সাজ-পোছাক পৰিধান কৰি ধন দাবী কৰি আহিছিল। তেওঁৰ পৰা এটা অবৈধ পিষ্টলও উদ্ধাৰ কৰা হৈছে। আনহাতে আৰক্ষীয়ে আটক কৰা দ্বিতীয়জন অভিযুক্তৰ নাম আকাশ কুমাৰ। তেওঁ নিজকে থানাৰ চকীদাৰ বুলি পৰিচয় দিয়ে।

ধৃত অনিতা বাংকা জিলাৰ ফুলিডুমাৰৰ দুধঘটীয়াৰ বাসিন্দা। তেওঁ জনোৱা মতে, ফুলিডুমাৰৰ ভোলা যাদৱে পৰিদৰ্শকজনক নিযুক্তি দি বাংকাৰ এই কাৰ্যালয়ত নিযুক্তি দিছে। নিজৰ কামৰ বিষয়ে অনিতাই কয় যে য’তেই চৰকাৰী ঘৰ ইত্যাদি নিৰ্মাণ কৰা হয়, তাতেই তদন্ত কৰিবলৈ গৈ আছিল।

একে সময়তে ধৃত আকাশৰ মতে, ভোলা যাদৱক ৭০ হাজাৰ টকা দি ভুৱা থানাত চকীদাৰৰ কাম কৰি আছিল। SHO গৰাকীৰ মতে, এই কাৰ্যালয়ত পুনৰ নিযুক্তি দিয়া সকলো জোৱানক আৰক্ষীৰ ইউনিফৰ্ম আৰু অবৈধ পিষ্টল যোগান ধৰাত প্ৰধান গেংষ্টাৰ হিচাপে ওলাই আহিছে ফুলিডুমাৰৰ ভোলা যাদৱৰ নাম।

এই কথা নিশ্চিত কৰি আৰক্ষী অধীক্ষক ডাঃ সত্য প্ৰকাশে কয় যে এই প্ৰৱঞ্চকৰ দলটোৱে পাটনা স্কৰ্ট টীমৰ নামত বাংকাত এটা কাৰ্যালয় চলাইছিল। ইয়াৰ পৰা আৰক্ষীৰ ইউনিফৰ্ম পৰিহিত একাংশ সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভুৱা কাৰ্যালয়টোৰ পৰা কিছু কাগজ-পত্ৰৰ লগতে জব্দ কৰা হৈছে বিহাৰ আৰক্ষীৰ ইউনিফৰ্ম, বেচ আদি।

আৰক্ষী অধীক্ষকৰ মতে, এই চক্ৰটোৰ সৈতে জড়িত লোকসকলে আৰক্ষীৰ চাকৰিৰ প্ৰতিশ্ৰুতিৰে গ্ৰামাঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰিছিল। এই বিষয়ত গভীৰ তদন্ত চলি আছে। বৰ্তমান বাংকা আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিষয়টোত পৰৱৰ্তী ব্যৱস্থা আৰম্ভ কৰিছে।

6 thoughts on “আশ্বৰ্যকৰ! ৮ মাহ ধৰি চলি আছিল এখন ভুৱা থানা, অৱশেষত গ্ৰেপ্তাৰ নকল আৰক্ষী বিষয়া, নকল কনিষ্টবল…”

Comments are closed.