ভয়ংকৰ! একে ঠাইতে সংঘটিত হ’ল শতাধিক যান-বাহনৰ সংঘৰ্ষ, নিহত ৬

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় আমেৰিকাৰ টেক্সাসৰ ফর্থ ৱৰ্থৰ ৰাষ্ট্ৰীয় ঘাইপথত। এই ঘটনাত ৬ জন থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় ৬৫ জন।

এই দুৰ্ঘটনাৰ বাবে প্ৰায় ১৩৩ খন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শ শ বাহন ৰাজপথত আৱদ্ধ হৈ পৰে।

ঘটনা অনুসৰি, অত্যধিক শীতৰ বাবে আন্তঃৰাজ্যিক পথটোত পাতলীয়াকৈ বৰফ পৰিবলৈ লয়, যাৰ ফলত পিছল হৈ পৰে পথটো। কিন্তু চিকিমিকি আন্ধাৰত কোনেও মনিব নোৱাৰিলে সেইয়া।

পুৱা প্ৰায় ৫ মান বজাত দ্ৰুতগতিত গৈ থকা এখন বৃহৎ মালবাহী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে। ট্ৰাক খনৰ পিছে পিছে গৈ আছিল কেইবাখনো সৰু গাড়ী।

গাড়ী খন বাগৰি পৰি হেঙাৰ হৈ পৰে পথ টোত। লগে লগেই পিছে পিছে যোৱা গাড়ী খিনিৰ ইখনে আনখনক খুন্দা মাৰে। প্ৰায় ১৩৩ খন সৰু বাহন ক্ষতিগ্ৰস্ত হয় এই দুৰ্ঘটনাত। লগে লগে মৃত্যু হয় ৬ জনৰ। ইয়াৰ বিপৰীতে আহত হয় ৬৫ জন। আহত সকলৰ ৩৫ জনৰ অৱস্থা গুৰুতৰ।

আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। এই ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী। দুয়োটা দলৰ যৌথ প্ৰচেষ্টাত উদ্ধাৰ কৰা হয় আহত সকলক।

দুৰ্ঘটনাটোৰ পিছতেই বাহনৰ প্ৰায় ২.৪ কিমি জোৰা এক দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়। এজন লোকে এই দুৰ্ঘটনাক ‘গণ মৃত্যুৰ ঘটনা’ বুলি উল্লেখ কৰে।

আহত চালক সকল অৱশ্যে আৱদ্ধ হৈ আছে। আহত সকলৰ ভিতৰত শিশু নাই বুলি জনায় উদ্ধাৰকাৰী দলে। উল্লেখ্য যে যোৱা তিনিটা দশকত টেক্সাসত এনে দুৰ্ঘটনা হোৱা নাই বুলি জনায় কৰ্তৃপক্ষই।

লগতে চাওকঃ

অসাৱধানতা! প্ৰথম মহলাৰ পৰা জাৱৰ পেলাবলৈ গৈ বিপদত পৰিল এজন লােক, CCTV কেমেৰাত বন্দী সমগ্ৰ ঘটনা

ৰিক্সা চালকৰ জীয়ৰীয়ে অৰ্জন কৰিলে মিছ ইণ্ডিয়াৰ উপ-বিজেয়ীৰ খিতাপ!

৫ মহীয়া শিশুৰ বাবে আমেৰিকাৰ পৰা পৰা আমদানি কৰা ঔষধত ৬ কোটি টকাৰ কৰ ৰেহাই PMO ৰ

বিচিত্ৰ প্ৰকৃতি! বান্দৰ পোৱালিৰ মাতৃ হ’ল কুকুৰ, ৬ মাহ ধৰি একেলগে বাস

Leave a Comment