ভয়ংকৰ বিমান দুৰ্ঘটনা! এয়াৰ শ্ব’ৰ মাজত সংঘৰ্ষৰ পিছতে ভূ-পতিত দুখন যুদ্ধ বিমান

ভয়ংকৰ বিমান দুৰ্ঘটনা! এয়াৰ শ্ব’ৰ মাজত সংঘৰ্ষৰ পিছতে ভূ-পতিত দুখন যুদ্ধ বিমান

November 13, 2022 Off By NEWS DESK

নিউজ ডেস্ক। যুদ্ধ বিমানৰ প্ৰদৰ্শনীৰ মাজতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা।

মাজ আকাশত দুই বিমানৰ সংঘৰ্ষৰ পিছতে ভূ-পতিত হ’ল বিমান দুখন।

ভূ-পতিত হােৱাৰ পিছতে বিস্ফােৰণ আৰু জুইৰ সূত্ৰপাত।

জানিব পৰা মতে, শনিবাৰে আমেৰিকাৰ টেক্সাছৰ ডালাছ কাৰ্যবাহী বিমানবন্দৰত সংঘটিত হয় এই দুৰ্ঘটনা।

এয়াৰ শ্ব’ৰ মাজতে এটা বোয়িং বি-১৭ বোমাৰু আৰু এখন ক্ষুদ্ৰ বিমানৰ মাজত মাজ আকাশত সংঘৰ্ষ হয়, লগে লগে মাটিত পৰি ধ্বংস হয় বিমান দুখন।

এই পৰ্যন্ত হতাহতত সবিশেষ তথ্য প্ৰকাশ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই।

এই ঘটনাৰ শিহৰণকাৰী দৃশ্য প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হয়।