ভাগ্য! নিশাটোৰ ভিতৰতে লাখপতি হ’ল এজন টেম্প’ চালক

নিউজ ডেস্ক। চিমেন্টৰ বস্তাত এটা কুপন লাভ কৰি নিশাটােৰ ভিতৰতে লাখপতি হৈ পৰিল এজন লােক।

এই সৌভাগ্যৱান লােকজন হৈছে নলবাৰী জিলাৰ বৰভাগ-বিজুলীঘাটৰ এগৰাকী টেম্প’ চালক। নাম মজিবুৰ আলী।

এই ঘটনাৰ পাছতে টেম্প’ চলাই কোনোমতে পৰিয়ালক পোহপাল দিয়া দৰিদ্ৰ পৰিয়ালটোত এতিয়া সীমাহীন আনন্দৰ জোৱাৰ উঠিছে।

হঠাতে লাখপতি হোৱা খবৰটো যেন বিশ্বাস কৰিব পৰা নাই টেম্প’ চালক মজিবুৰ আলীৰ লগতে পৰিয়ালবৰ্গই।

মাত্ৰ পাঁচ বেগ ‘সূৰ্য গ’ল্ড’ নামৰ কোম্পানীৰ চিমেণ্ট ক্ৰয় কৰিয়েই লাখপতি হৈ পৰিল টেম্প’ চালকজন।

জানিব পৰামতে নিজৰ ঘৰৰ কাম কৰিবৰ বাবে বিজুলীঘাটৰ মৃণাল এণ্টাৰপ্ৰাইজৰ পৰা পাঁচবেগ সূৰ্য গ’ল্ড চিমেণ্ট ক্ৰয় কৰি আনিছিল আৰু তাতেই যেন ভাগ্য লুকাই আছিল টেম্প’ চালক মজিবুৰ আলীৰ।

চিমেণ্টৰ বেগ খুলি আনন্দত আত্মহাৰা হৈ পৰে মজিবুৰ। ক্ৰয় কৰি অনা চিমেণ্টৰ এটা বেগত তেওঁ লাভ কৰিলে একলাখ টকাৰ এখন কুপন।

মৃণাল এণ্টাৰপ্ৰাইজৰ স্বত্বাধীকাৰী মৃণাল দাসে কুপনত লাভ কৰা ধন খিনি কোম্পানীৰ পৰা আদায় কৰি দিয়াৰ বাবে সকলো যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰিছে।

ইপিনে মৃণাল এণ্টাৰপ্ৰাইজৰ স্বত্বাধীকাৰী মৃণাল দাসে জানিব দিয়া মতে তেওঁৰ এণ্টাৰপ্ৰাইজৰ পৰা সূৰ্য গ’ল্ড চিমেণ্ট ক্ৰয় কৰি ইয়াৰ পূৰ্বেও গ্ৰাহকে ধনৰাশিৰ লগতে বহু ধৰণৰ সামগ্ৰী উপহাৰ লাভ কৰিছে।

উল্লেখ্য যে অসমত বিভিন্ন জিলাত ইতিমধ্যে কেবাজনাে লােকে এনেদৰে চিমেন্টৰ বস্তাত কুপন লাভ কৰি ১ লাখ টকা পৰ্যন্ত নগদ ধনৰাশি লাভ কৰি লাখপতি হােৱাৰ সুযােগ লাভ কৰিছে।

Leave a Comment