ভাৰত-পাক সীমান্তত নিহত সন্ত্ৰাসবাদী, শ্বহীদ হ’ল এগৰাকী ভাৰতীয় জোৱান

নিউজ ডেস্ক। জম্মু-কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদী কূটাঘাতৰ মাজতে শুকুৰবাৰে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ এলঅ’চিত পাক সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰি এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই।

অৱশ্যে, দুৰ্ভাগ্যবশতঃ, ভাৰতীয় সেনাৰ এজন সাহসী জোৱানো এই অভিযানত শ্বহীদ হ’বলগীয়া হয়।

শ্বহীদ জোৱানগৰাকীৰ পৰিচয় উত্তৰ প্ৰদেশৰ দেৱৰীয়া জিলাৰ চোহনপুৰ গাঁৱৰ হৃষিকেশ চৌবে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, যোৱা বছৰ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছে শ্বহীদ জোৱান হৃষিকেশ চৌবেয়ে।

শেহতীয়াকৈ তেওঁ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কৰ্তব্যৰত হৈ আছিল আৰু তাতেই সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হয় চৌবে।

তথ্য অনুসৰি, ভাৰতীয় সেনাৰ জোৱানসকলে শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ এলঅ’চি অঞ্চলত কিছু সন্দেহজনক অনুপ্ৰৱেশকাৰীৰ গতিবিধি লক্ষ্য কৰে।

অনুপ্ৰৱেশকাৰীসকলক প্ৰত্যাহ্বান জনাই ভাৰতীয় সেনাই অভিযান আৰম্ভ কৰে আৰু এজন সন্ত্ৰাসবাদীক হত্যা কৰি উত্তৰ কাশ্মীৰৰ কুপৱাৰা অঞ্চলত পাকিস্তানী অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে।

ভাৰতীয় সেনাই চলোৱা এই অভিযানত সেনাই নিহত সন্ত্ৰাসবাদীজনৰ দখলৰ পৰা এটা এ.কে-৪৭ ৰাইফল, ৪টা পিষ্টল, ৩ টা এ.কে-৪৭ মেগজিন, ৩টা পিষ্টলৰ মেগজিন, ৫টা হেণ্ড গ্ৰেনেড, পাকিস্তানৰ মুদ্ৰা আৰু অন‍্যান‍্য গোলাবাৰুদ উদ্ধাৰ কৰে।

সেনাই সন্ত্ৰাসবাদীজনৰ দখলৰ পৰা উদ্ধাৰ কৰা পাকিস্তানী মুদ্ৰাই জম্মু-কাশ্মীৰহৈ ভাৰতত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ কৰা কাৰ্য্যত পাকিস্তান জড়িত থকাৰ কথাটো প্ৰমাণিত কৰে।

উল্লেখযোগ্য যে ,ইয়াৰ পূৰ্বেও জুন মাহতো ভাৰতীয় সেনাই উত্তৰ কাশ্মীৰৰ কুপৱাৰাত দুজন সন্ত্ৰাসবাদীৰ এজেণ্ট ক্ৰমে মজিদ আৰু শ্বামচুদ্দিনক হত্যা কৰিছিল।

লগতে চাওকঃ

টিফিন খাবলৈ বিদ্যালয়ৰ চৌহদত থকা গছৰ তলত বহিছিল হীৰাক্ষী, তেনে সময়তে ঘটিল কৰুণ ঘটনা…