ভয়াৱহ পথ দুৰ্ঘটনাত দুই প্ৰতিভাৱান মডেলৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত মিছ কেৰালা ২০১৯ আৰু মিছ কেৰালা ২০১৯ ৰ ৰানাৰ-আপৰ মৃত্যু।

এই ঘটনা সোমবাৰে পুৱতি নিশা সংঘটিত হয় কোচিৰ ভিট্টিলা-পালাৰিভাটম বাইপাছত।

ঘটনা অনুসৰি, মিছ কেৰালা ২০১৯ আৰু মিছ চাউথ ইণ্ডিয়া ২০২১ খিতাপ জয় কৰা আনচি কাবিৰে আৰু মিছ কেৰালা ২০১৯ ৰ ৰানাৰ-আপ অঞ্জনা শজন এখন চাৰিচকীয়া বাহনত গৈ আছিল।

FDGYu-Sz-UYAMQd38

তেওঁলোকে এখন দুচকীয়া বাহনক খুন্দা মৰাৰ পৰা বচাবলৈ চেষ্টা কৰোঁতে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে। যাৰ ফলত দুয়োৰে ঘটনাস্থলীত মৃত্যু হয়।

ঘটনাটো চক্কাৰাপাৰামবুৰ হলিডে ইন হোটেলৰ ওচৰত সংঘটিত হৈছিল।

লগতে চাওকঃ নিৰাপত্তা কৰ্মীৰ সাহসীকতাৰ বাবে ব্যৰ্থ হ’ল ডকাইতি কাণ্ড, দৃশ্য বন্দী CCTV কেমেৰাত

গাড়ীখনত থকা দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক এৰ্নাকুলাম চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল।

দুচকীয়া বাহনৰ আৰোহীসকলে সামান্য আঘাতৰ সৈতে পলাই যায়।

FDGYx-Hl-UUAEZqdg

আৰক্ষীয়ে কয় যে, ঘটনাটো পুৱা প্ৰায় ১.৩০ বজাত সংঘটিত হৈছিল।

গাড়ীখন দ্ৰুত গতিত আছিল আৰু চালকজনে দুচকীয়া বাহনখন দেখি বচাবলৈ চেষ্টা কৰাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱায়। য’ত দুয়োৰে মৃত্যু হয়।

উল্লেখ্য যে আগষ্টত পেগাচাছ গ্লোবেল প্ৰাইভেট লিমিটেডৰ দ্বাৰা আয়োজিত সৌন্দৰ্য প্ৰতিযোগিতাত দক্ষিণ ভাৰতৰ পাঁচখন ৰাজ্যৰ ১৪ জন প্ৰতিযোগীৰ ভিতৰত আনচি আটাইতকৈ কনিষ্ঠ আছিল।

FDHfmd-OVUAUt-P0-P

তেওঁ ২০১৮ চনত মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০১৯ চনত মিছ কেৰালা খিতাপ জয় কৰাৰ পিছত তেওঁ সৰ্বত্ৰে প্ৰশংসিত হ’বলৈ আৰম্ভ কৰিছিল।

আনহাতে অঞ্জনাই মিছ কেৰালা ৰানাৰ-আপ খিতাপ জয় কৰাৰ পিছত মডেলিং কেৰিয়াৰ গঢ়ি তুলিছিল।

আনচি তিৰুৱনন্তপুৰম জিলাৰ আলমকোডৰ আৰু অঞ্জনা ত্ৰিচুৰৰ বাসিন্দা। আনচিয়ে আগষ্টত মিছ চাউথ ইণ্ডিয়া ২০২১ খিতাপ জয় কৰিছিল।

FDL3-POj-Vg-AAl-WK5

মিছ চাউথ ইণ্ডিয়া খিতাপ জয় কৰাৰ পিছত দিয়া এক সাক্ষাৎকাৰত আনচি কাবিৰে কয়, “মই এটা গোঁড়া মুছলমান পৰিয়ালৰ পৰা আহিছো। মই মিছ কেৰালা খিতাপ জয় কৰাৰ পিছত ইতিবাচক সঁহাৰি পোৱা আৰম্ভ কৰিছিলো।

সৌন্দৰ্য প্ৰতিযোগিতাৰ জৰিয়তে মই সমাজক উপলব্ধি কৰাব বিচাৰো যে এগৰাকী মহিলাৰ সপোন থাকে আৰু বিবাহৰ ধাৰণাত সীমাবদ্ধ থাকিব নালাগে।”

লগতে চাওকঃ নিৰাপত্তা কৰ্মীৰ সাহসীকতাৰ বাবে ব্যৰ্থ হ’ল ডকাইতি কাণ্ড, দৃশ্য বন্দী CCTV কেমেৰাত

Leave a Comment