বিবাহৰ ৫ মাহৰ পিছত পত্নীক প্ৰাক্তন প্ৰেমিকৰ সৈতে বিবাহ কৰাই দিলে স্বামীয়ে!

নিউজ ডেস্ক। ১৯৯৯ চনৰ ব্লকবাষ্টাৰ ছবি ‘হাম দিল দে চুকে চনম’ আপোনাৰ নিশ্চয় মনত আছে। য’ত বিবাহৰ পিছত পত্নীক পত্নীৰ ইচ্ছা অনুসৰি গতাই দিয়া হৈছিল পত্নীৰ প্ৰাক্তন প্ৰেমিকক।

ঠিক সেইদৰে এইবাৰ বাস্তৱত এক নিখুঁত পুনৰাবৃত্তিৰ ঘটনা সংঘটিত হৈছে।

62316

ঘটনাটো কানপুৰৰ গুৰুগ্ৰামৰ।

কানপুৰত এজন ব্যক্তিয়ে, যি পাঁচ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল, তেওঁ তেওঁৰ পত্নীক প্ৰাক্তন প্ৰেমিকৰ সৈতে পুনৰ মিলিত হোৱাত সহায় কৰিছিল।

পত্নীৰ একান্তই ইচ্ছা অনুসৰি তেওঁ পত্নীক প্ৰাক্তন প্ৰেমিকৰ সৈতে বিবাহ কৰাই দিবলৈ সিদ্ধান্ত লৈছিল।

জানিব পৰা মতে, গুৰুগ্ৰামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত একাউণ্টেণ্ট হিচাপে কাম কৰা পংকজ শৰ্মাই এই বছৰৰ মে’ মাহত কোমল নামৰ মহিলা গৰাকীক বিয়া কৰাইছিল।

লগতে চাওকঃ নিৰাপত্তা কৰ্মীৰ সাহসীকতাৰ বাবে ব্যৰ্থ হ’ল ডকাইতি কাণ্ড, দৃশ্য বন্দী CCTV কেমেৰাত

তেওঁৰ পত্নী কোমলে তেওঁলোকৰ বিবাহৰ পিছৰে পৰা তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিছিল।

পত্নীয়ে বিয়াৰ পিছৰ কোনো সামাজিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাছিল।

maxresdefault

পত্নীয়ে আনকি কাৰো সৈতে কথা পতাও নাছিল। সেয়েহে স্বামীয়ে অৱশেষত সোধা-পোছা কৰাত পত্নীয়ে তেওঁৰ প্ৰাক্তন প্ৰেমিক পিণ্টুক বিয়া কৰাব বিচাৰিছিল বুলি জানিবলৈ দিয়ে।

এই কথা স্বামীয়ে জনাৰ পিছত নিজৰ ঘৰ আৰু পত্নীৰ পৰিয়ালৰ আন সদস্যৰ সৈতে বিষয়টো তেওঁ আলোচনা কৰে।

যেতিয়া পংকজে তেওঁৰ শহুৰেকৰ পৰিয়ালক এই কথা অৱগত কৰিছিল, তেওঁলোকে কোমলক বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু কোমল নিজৰ মতত অটল আছিল।

thumbnail-Aishwarya-Rais-Looks-From-Hum-Dil-De-Chuke-Sanam-614dd274e3212

তেতিয়া পৰিয়ালৰ লোকে বিষয়টো ঘৰুৱা হিংসা বিৰোধী কোষ আৰু আশা জ্যোতি কেন্দ্ৰত অৱগত কৰে। য’ত মহিলাগৰাকী, তেওঁৰ স্বামী, তেওঁৰ প্ৰেমিক আৰু তেওঁলোকৰ আত্মীয়সকলৰ মাজত এখন সভাৰ আয়োজন কৰা হৈছিল।

আলোচনাত কোমল নিজৰ মতত দৃঢ় প্ৰতিজ্ঞ হোৱা দেখি পংকজে পত্নীৰ ইচ্ছাত সন্মত হৈছিল আৰু আনকি তেওঁলোকৰ বিবাহৰ পৰিকল্পনাও কৰিছিল।

সেই অনুসৰি তেওঁ শুক্ৰবাৰে সন্ধিয়া তেওঁৰ প্ৰেমিক পিণ্টুৰ সৈতে তেওঁৰ পত্নীৰ বিবাহ সম্পন্ন কৰাৰ বাবে এজন উকীলৰ ব্যৱস্থা কৰে। য’ত দুয়োপক্ষৰ আত্মীয় আৰু অতিথি উপস্থিত আছিল।

লগতে চাওকঃ মৃত্যুৰ পাছতাে ৪ জনৰ জীৱন পােহৰাই তুলিলে অভিনেতা পুনীত ৰাজকুমাৰে

Leave a Comment