মই অচিৰেই প্ৰত্যাৱৰ্তন কৰিমঃ হিমা দাস

নিউজ ডেস্ক। আঘাতৰ বাবে টকিঅ’ অলিম্পিকলৈ উৰা মাৰিব নোৱাৰিলে স্প্ৰিণ্টাৰ হিমা দাসে। যাৰফলত স্বপ্ন তথা আশা ভংগ হৈছিল হিমাৰ লগতে অসমবাসীৰ।

কিন্তু এতিয়াও হতাশ হোৱা নাই দৌৰবিদ গৰাকী।

সেয়েহে অলপতে তেওঁ টুইটাৰ যোগে কয় যে তেওঁ অচিৰেই প্ৰত্যাৱৰ্তন কৰিব।

১০ দিন পূৰ্বে পাটিয়ালাত অনুষ্ঠিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত দ্বিতীয় দিনা ১০০ মিটাৰ হিটত অংশগ্ৰহণ কৰাৰ সময়ত হিমাৰ পেশী টানি ধৰিছিল।

প্ৰথম দিনা, তেওঁ ৰাষ্ট্ৰীয় কেম্পাৰৰ মহিলা ৪×১০০ মিটাৰ ৰিলে দলক এক নতুন মিট ৰেকৰ্ড স্থাপন কৰিবলৈ নেতৃত্ব দিছিল।

ইয়াৰোপৰি ২১ বছৰীয়া স্প্ৰিণ্টাৰ গৰাকীয়ে ৪×৪০০ মিটাৰ মিক্সড ৰিলে দলৰ অংশ আছিল। যিয়ে ২০১৯ ৰ দোহা বিশ্ব চেম্পিয়নশ্বিপত প্ৰদৰ্শনৰ দ্বাৰা টকিঅ’ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।

খেলুৱৈগৰাকীয়ে ১০০ মিটাৰ ফাইনেল আৰু ৪×১০০ মিটাৰ ৰিলে ফাইনেলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল। মিটৰ পঞ্চম আৰু অন্তিম দিনটোত মহিলাৰ ২০০ মিটাৰ ফাইনেল চলাবলৈ পোৱা হিমাই পোনপটীয়াকৈ পদক বন্ধনীৰ পৰা বাহিৰ হয়।

হিমাই মঙলবাৰে টুইট কৰি কয়, “মই মোৰ নতুন ইভেণ্ট ১০০ মিটাৰ আৰু ২০০ মিটাৰত অৰ্হতাৰ মানদণ্ড অৰ্জন কৰাৰ ওচৰত থাকোতেও অকাল আঘাতৰ বাবে মই মোৰ প্ৰথম অলিম্পিকৰ পৰা বঞ্চিত হ’ম। মই মোৰ প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী আৰু মোৰ সতীৰ্থসকলক তেওঁলোকৰ নিৰন্তৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো। কিন্তু মই শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰিম আৰু কমনৱেলথ গেমছ ২০২২, এছিয়ান গেমছ ২০২২ আৰু বিশ্ব চেম্পিয়নশ্বিপ ২০২২ৰ বাবে অপেক্ষা কৰিম।”

Leave a Comment