পূব লাডাখৰ সীমান্তত শ্বহীদ ভাৰতীয় সেনা জোৱান

নিউজ ডেস্ক। দেশ-মাতৃৰ সেৱাৰ বাবে পুনৰ নিজ জীৱন উচৰ্গা এজন বীৰ জােৱানৰ।

পূব লাডাখাৰ চীন সীমান্তৰ প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতৰ মাজতে দেশৰ সীমান্তৰ সুৰক্ষাৰ নিয়ােজিত থকা সেনা জােৱান পাপ্পু চামােতাৰ আকস্মিক দেহাৱসানে তেওঁ পৰিয়ালৰ মাজতাে হাহাকাৰৰ সৃষ্টি কৰিছে।

ভাৰতীয় সেনাৰ জাট ৰেজিমেন্টত কৰ্মৰত এই শ্বহীদ সেনা জােৱানজনৰ বয়স মাত্ৰ ৩৫ বছৰ। ঘৰ ৰাজস্থানৰ ছীকৰ জিলাৰ ত্ৰিলােকপুৰাত।

জানিব পৰা মতে, সীমান্তত শূণ্যতকৈও কম তাপমাত্ৰাত কৰ্তব্যৰত অৱস্থাতে শাৰীৰিক অৱস্থা গুৰুতৰ হৈ মৃত্যু হয় পাপ্পু চামােতা নামৰ এই জোৱানজনৰ।

তেওঁ গালৱান উপত্যকাৰ আগত চাংকলাত নিযুক্তি দিয়া হৈছিল।

জোৱানজনৰ নশ্বৰ দেহ ওপজা গাঁওখনত উপস্থিত হােৱাৰ লগে লগে এক জনসমুদ্ৰৰ সৃষ্টি হয়।

অন্তিম বাৰলৈ জােৱানজনৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি দিবলৈ ভিৰ কৰে হাজাৰ হাজাৰ লােকে।

ত্ৰিৰংগ পতাৰে নশ্বৰ দেহ ঢাকি বিশাল শােভাযাত্ৰা উলিওৱা হয় গাঁওখনত। ইয়াৰ পাছতে সামৰিক সন্মানেৰে সম্পন্ন কৰা হয় জােৱানজনৰ শেষকৃত্য।

উল্লেখ্য যে শ্বহীদ জােৱানজনৰ ১১ বছৰীয়া পুত্ৰই তেওঁৰ খুৰাকৰ সৈতে মুখগ্নি কৰে। সেই দৃশ্য দেখি শেষকৃত্য অনুষ্ঠানটোত সকলোৰে চকুত চকুপানী নিগৰে।

উল্লেখ্য যে পাপ্পু ৰাম চামোতাই ২০০৫ চনত সেনাত যোগদান কৰিছিল।

পাপ্পু ৰাম ২০০৬ চনত সুমন দেৱীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ দুই পুত্ৰ সন্তান আছে।

১১ বছৰীয়া লোকেন্দ্ৰ ষষ্ঠ শ্ৰেণীত আৰু সাত বছৰীয়া বিজেন্দ্ৰই চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰে।

Leave a Comment