মথুৰা বৃন্দাবনত মদ-মাংস বিক্ৰী নিষিদ্ধ কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে

নিউজ ডেস্ক। গণেশ চতুৰ্থীৰ দিনা এক ডাঙৰ নিৰ্দেশনা জাৰি উত্তৰ প্ৰদেশ চৰকাৰৰ।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰে শ্ৰীকৃষ্ণৰ জন্মভূমি বৃন্দাবন, মথুৰাৰ ১০ বৰ্গ কিলোমিটাৰৰ এলেকাত মদ-মাংস বিক্ৰীত জাৰি কৰিলে নিষেধাজ্ঞা।

শ্ৰীকৃষ্ণৰ জন্মস্থানৰ পৰা ১০ বৰ্গ কিলোমিটাৰ এলেকাক তীৰ্থস্থান হিচাপে ঘোষণা কৰে যোগী চৰকাৰে। সেয়েহে ২২ টা পৌৰসভা ৱাৰ্ডত সুৰা আৰু মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰে উত্তৰ প্ৰদেশ চৰকাৰে।

যোৱা সপ্তাহত মথুৰাত মদ-মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছিল উত্তৰ প্ৰদেশ চৰকাৰে।

নিষেধাজ্ঞা কাৰ্যকৰী কৰণৰ বাবে বিষয়া সকলক পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। কিছুদিন পূৰ্বে শ্ৰীকৃষ্ণ জন্মাষ্টমীত এই সন্দৰ্ভত এক ইংগিত দিছিল যোগী আদিত্যনাথে।

মথুৰাত গৈ তেওঁ কৈছিল- “এই স্থানক তীৰ্থস্থান হিচাপে ঘোষণা কৰা উচিত আৰু ইয়াত মদ-মাংস একেবাৰে নিষিদ্ধ ঘোষণা কৰা উচিত। মদ-মাংস বিক্ৰী কৰা সকলে গাখীৰ বিক্ৰী কৰিব লাগে। দুগ্ধ উৎপাদনৰ বাবে পৰিচিত আছিল মথুৰা। সেই অতীত পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা কৰা হ’ব। সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰগতিৰ বাবে আধুনিক কাৰ্যপন্থা লোৱা হ’ব। কাৰোৰে ক্ষতি হোৱা কাম কৰা নহয়। এই সন্দৰ্ভত এক কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ দিয়া হৈছে।”

Leave a Comment