মমতাৰ লক্ষ্য গােৱা! তৃণমূল কংগ্ৰেছত যোগদান গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক। উত্তৰ পূৰ্বাঞ্চলৰ পিছত এইবাৰ তৃণমূল কংগ্ৰেছৰ দৃষ্টি দেশৰ পশ্চিমাঞ্চল।

তৃণমূল কংগ্ৰেছৰ সূত্ৰ অনুসৰি আৰৱ সাগৰৰ পাৰত টেঙেচী ফুল ফুলাবলৈ তৎপৰ তৃণমূল। অহা বছৰ গোৱাত অনুষ্ঠিত হ’ব ৪০ আসনৰ বিধানসভা নিৰ্বাচন।

গোৱাৰ বিধানসভাত আসন দখলৰ লক্ষ্য ৰাখিছে তৃণমূল কংগ্ৰেছে। আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে বুধবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰিলে গোৱাৰ একাধিক নেতা আৰু বিশিষ্ট ব্যক্তিয়ে।

FAc-Ffq-Vk-AYPm-Lw

সেই সকলৰ ভিতৰত আছে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দীৰ্ঘদিনৰ বিধায়ক লুইজিনহো ফালেইৰ’। লগতে যোগদান কৰে গোৱাৰ অন্যতম পৰিচিত মুখ লাভু মামলেদাৰে।

ইয়াৰোপৰি যোগদান কৰে বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক এন শিৱদাসে। লগতে যোগদান কৰে গোৱাৰ অন্যতম পৰিৱেশ আন্দোলনৰ নেতা ৰাজেন্দ্ৰ শিৱাজী কাকোদৰে।

FAd-JHPMUc-AMvqr-B

বুধবাৰে প্ৰথমতে তেওঁলোকে সাক্ষাৎ কৰে মমতা বেনাৰ্জীক। আৰু তাৰ পিছতেই মমতা বেনাৰ্জী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত যোগদান কৰে তৃণমূলত।

উল্লেখ্য যে তৃণমূল কংগ্ৰেছে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী আৰু পৰিসৰ বৃদ্ধিৰ বাবে কাম আৰম্ভ কৰিছে। সেই কাম ইতিমধ্যে আৰম্ভ কৰিছে ত্ৰিপুৰাত। ইয়াৰ পিছতেই এইবাৰ সেই কাম আৰম্ভ কৰিছে গোৱাত। সেই অনুসৰি বুধবাৰে বিয়লি তৃণমূল কংগ্ৰেছত যোগ দিলে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দীৰ্ঘদিনৰ বিধায়ক লুইজিনহো ফালেইৰ’ই।

কংগ্ৰেছৰ এই প্ৰবীণ নেতাজন ৰাষ্ট্ৰীয় ৰাজনীতিত অতি পৰিচিত আছিল। ২০১৩ চনৰ পৰা তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰি আহিছিল। ইয়াৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্যৰ দায়িত্বত আছিল তেওঁ। যাৰ ভিতৰত আছিল ত্ৰিপুৰাও। সেয়েহে হয়তো তেওঁক ত্ৰিপুৰাৰ দায়িত্ব অৰ্পণ কৰা হ’ব পাৰে বুলিও চৰ্চা আৰম্ভ হৈছে।

ইতিমধ্যে ত্ৰিপুৰাত সংগঠন শক্তিশালী কৰাত নামি পৰিছে অভিষেক বেনাৰ্জী। নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে দায়িত্ব লাভ কৰাৰ পিছতেই প্ৰতিদিনে ত্ৰিপুৰাত সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ ব্যস্ত হৈ পৰিছে। সেই একে প্ৰক্ৰিয়াৰে লক্ষ্য স্থিৰ কৰি তৃণমূল কংগ্ৰেছৰ বৰ্তমান দৃষ্টি গোৱাত। ইতিমধ্যে ভোট ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰে বাহৰ পাতিছে গোৱাত।

Leave a Comment