মহানগৰীত ডাম্পাৰৰ দৌৰাত্ম্য! ডাম্পাৰৰ খুন্দাত বাইক আৰােহী বিজেপি নেতাৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গুৱাহাটী মহানগৰীতাে অব্যাহত আছে শিল, বালি, মাটি কঢ়িওৱা একাংশ ট্ৰাক-ডাম্পাৰ চালকৰ সন্ত্ৰাস।

এনে একাংশ উদণ্ড চালকৰ বাবে নিতৌ সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা।

এইবাৰ মহানগৰীৰ সাতগাঁও অঞ্চলত এটা তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে বাইক।

শনিবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত বিজেপিৰ এগৰাকী দলীয় যুৱনেতাৰ শােকাৱহ মৃত্যু ঘটে।

নিহত যুৱ-নেতাগৰাকীৰ নাম ধুনুমণি বৰ্মন বুলি জানিব পৰা গৈছে।

তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ দিছপুৰ মণ্ডলৰ কোষাধ্যক্ষৰ পদত আছিল।

শনিবাৰে নিশা নাৰেংগীৰ পাথৰকুৱেৰীত অনুষ্ঠিত দলীয় সভাত অংশ লৈ সাতগাঁওস্থিত নিজ ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত নিশা প্ৰায় ১২ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলৰ পৰা পলায়ন কৰে ডাম্পাৰখনৰ চালকজন।

দলৰ যুৱনেতাগৰাকীৰ এনে অকাল মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে দলীয় নেতা-কৰ্মীসকলে।