মহা জোঁটবন্ধনক ‘জঁটবন্ধন’ আখ্যা মন্ত্ৰী পীয়ুষৰ!

নিউজ ডেস্ক। পুনৰ ৰাজ্যৰ বিৰােধী দলসমূহৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী পীযুষ হাজৰিকা।

এইবাৰ কংগ্ৰেছ-AIUDF দলৰ নেতৃত্বত গঠন হােৱা মহাজােঁটক কটাক্ষ মন্ত্ৰীগৰাকীৰ।

‘কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁট বন্ধন নহয়, মহাজঁট বন্ধনহে হ’ব।কেইদিনমনা পিছত জঁট ভাঙওতেই কাজিয়া হ’ব।’- এই মন্তব্য মন্ত্ৰী পীযুষৰ।

সাংবাদিকৰ আগত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছো শূন্য আৰু এআইইউডিএফো শূন্য। গতিকে শূন্য যোগ হ’লে উত্তৰ শূন্যই হ’ব।

উল্লেখ্য যে নগাঁৱত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে এই জোঁট বন্ধনত থকা অন্য দলসমূহৰ কোনো অস্তিত্ব আছে বুলি নাভাবোঁ। জোঁটবন্ধনত দুটাহে দল আছে। জোঁটবন্ধন হৈছে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিতিৰালি। চিপিআইএমএলৰ কোনো অস্তিত্বই নাই।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয়- ‘ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ জোঁটবন্ধনে বিজেপিৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।’

Leave a Comment