মাতৃক হেৰুওৱাৰ ১০ মাহ পিছতে হেৰুৱালে পিতৃকো! নিথৰুৱা হ’ল ছিপাঝাৰৰ কণমানি ভৃগু-নন্দিতা

মাতৃক হেৰুওৱাৰ ১০ মাহ পিছতে হেৰুৱালে পিতৃকো! নিথৰুৱা হ’ল ছিপাঝাৰৰ কণমানি ভৃগু-নন্দিতা

November 16, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ নিষ্ঠুৰ নিয়তিৰ হাতত বন্দী এতিয়া ভৃগু-নন্দিতাৰ ভৱিষ্যত!

মাত্ৰ দহ মাহৰ ব্যৱধানত পিতৃ-মাতৃ দুয়োজনকে হেৰুৱাই ঘাটমাউৰা হৈ পৰা শিশু দুটিৰ ভৱিষ্যতৰ চিন্তাই উদ্বিগ্ন কৰিছে সকলোকে।

ছিপাঝাৰৰ সাতঘৰীয়া মাজচুবুৰিৰ বাসিন্দা কণমানি ভৃগু কুমাৰ নাথ আৰু নন্দিতা দেৱীৰ বাবে এতিয়া একমাত্ৰ ভৰষা তেওঁলোকৰ অশীতিপৰ বুঢ়া আইতাক।

উল্লেখ্য যে, দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ জানুৱাৰীত মাহত শেষ নিশ্বাস ত্যাগ কৰিছিল মাজচুবুৰিৰ নিৱাসী কৰুণা নাথ (৫১)ৰ পত্নী হিমানী দেৱীয়ে।

তাৰ পিছতে যোৱা নিশা অসহ্য পেটৰ বিষত আক্ৰান্ত হৈ হাস্পতালৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰে কৰুণা নাথেও।

মাত্ৰ ১০ মাহৰ ব্যৱধানত এনদৰে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই ঘাটমাউৰা হৈ পৰিছে তেওঁলোকৰ দুই সন্তান সপ্তম শ্ৰেণীত অধ্যয়নৰত ভৃগু কুমাৰ নাথ আৰু পঞ্চম শ্ৰেণীত অধ্যয়নৰত নন্দিতা দেৱী।

নিথৰুৱা ল’ৰা-ছোৱালীহালৰ বাবে এতিয়া একমাত্ৰ ভৰষা তেওঁলোকৰ বুঢ়ী আইতাক হ’লেও তেওঁৱো বিভিন্ন ৰোগত আক্ৰান্ত।

যাৰ বাবে এতিয়া কণমানি ভৃগু আৰু নন্দিতাৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে আত্মীয় স্বজনৰ লগতে ওচৰ চুবুৰীয়া।

ল’ৰা-ছোৱালীহালক সু নাগৰিক হিচাপে গঢ় দিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ সহায় বিচাৰিছে সকলোৱে।