মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যু ‘গলি বয়’ৰ ৰেপাৰ এমচি তোড়ফোড়ৰ

নিউজ ডেস্ক। মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যু ‘গলি বয়’ খ্যাত ৰেপাৰ এমচি তোড়ফোড়ৰ।

মুম্বাইৰ হিপহপ গ্ৰুপ স্বদেশীৰ সদস্য এম চি তোড়ফোড়ৰ প্ৰকৃত নাম আছিল ধৰ্মেশ পৰমৰ। ৰেপাৰ জনৰ মৃত্যু কিদৰে হ’ল, সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, ২০১৩ চনত গঠন কৰা হৈছিল স্বদেশী নামৰ ৰেপ আৰু হিপ-হপ চঙৰ গ্ৰুপটো।

এই গ্ৰুপটোৰে সদস্য এমচি তোড়ফোড়ে ৰণবীৰ সিং অভিনীত ‘গলি বয়’ত ইণ্ডিয়া ৯১ শীৰ্ষক এটা ৰেপত কণ্ঠ দিছিল।

ৰেপাৰ জনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত অভিনেতা ৰণবীৰ সিং আৰু সিদ্ধান্ত চতুৰ্বেদীয়ে শোক প্ৰকাশ কৰে। দুয়োজনে ইনষ্টাগ্ৰামত এমচি তোড়ফোড়ৰ ফটো শ্বেয়াৰ কৰা দেখা যায়।

২০১৯ চনত মুক্তিলাভ কৰি ‘গলি বয়’ৰ পৰিচালক জয়া আখটাৰেও ৰেপাৰজনৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰে।

Leave a Comment