মিঞা জাতি মূৰ্খ! টকা দিলেই গাধ এটাকো ভোট দিয়ে মিঞা জাতিয়েঃ বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক। ‘মিঞা জাতি মুৰ্খ। টকা দিলেই গাধ এটাকো ভোট দিয়ে মিঞা জাতিয়ে। ৰাজনৈতিক পৰিপক্কতা নাই মিঞা জাতিৰ…. ।’

কিছুদিন পূৰ্বে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰাৰ দাবী উত্থাপন কৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে এতিয়া মিঞা জাতিক লৈ প্ৰকাশ কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য।

আলোপতি ইকৰা নেশ্যনেল একাডেমীয়ে আয়োজন কৰা এক সভাত এই মন্তব্য কৰে বিধায়ক শ্বেৰমান আলীয়ে।

ইপিনে নিজৰ ভাষণত ৰাজনৈতিক দলৰ টিকট প্ৰদান প্ৰসংগটোও টানি আনি কয় ভাল মানুহক টিকট নিদিলে ৰাইজে ৰাজনৈতিক দলৰ টিকট প্ৰাপ্ত জনক প্ৰত্যাখ্যান কৰি ৰাইজে নিজেই ভাল মানুহৰ লগত থিয় দিব লাগে বুলি কয়।

বিধায়ক শ্বেৰমান আলীৰ এই ভাষণক লৈও ব্যাপক চৰ্চা আৰম্ভ হৈছে।

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ বাবেই কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ’ব নেকি বিধায়ক শ্বেৰমান আলী? কেইবাটাও বিতৰ্কিত মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত শ’লঠেকত পেলোৱা বিধায়ক শ্বেৰমান আলীৰে দূৰত্ব বাঢ়িছে বৰপেটাৰ সাংসদ আব্দুল খালেকৰো ।

বিধায়ক শ্বেৰমান আলীৰ সংগ এৰিছে সমষ্টিৰ চাৰিওটা জিলা পৰিষদ সদস্যৰ, তেনেস্থলত শ্বেৰমান আলীৰ টিকট কেন্দ্ৰীক মন্তব্যই ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।

ৰাজনৈতিক ভূ-ৰক্ষা মহলৰ মতে, বিধায়ক শ্বেৰমান আলীয়ে তেওঁৰ বিশ্বাসী সমৰ্থকক এইবুলিও কৈছে যে কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব শ্বেৰমান আলীয়ে।

ইপিনে কিছুদিন পূৰ্বে AIUDF প্ৰধান বদৰুদ্দিন আজমলেও বাঘবৰত দলীয় প্ৰাৰ্থীক জয়ী কৰিবলৈ উদ্ধুদ্ধ কৰি ভাষণ প্ৰদান কৰিছিল।

উল্লেখ্য যে চৰাঞ্চলৰ পিছপৰা শিক্ষাৰ্থী সকলে কিদৰে প্ৰতিযোগীতা মূলক প্ৰশাসনীয় পৰীক্ষাত সফলতা অৰ্জন কৰিব পাৰে সেই উদ্দেশ্যে লৈ আয়োজন কৰা সভাত সদ্য ঘোষিত APSC পৰীক্ষাত উত্তীৰ্ণ হোৱা দুই কীৰ্তিমান ইফতিকাৰ হুছেইন আৰু মনিৰুদ্দিন আহমেদো উপস্থিত থাকে।

লগতে চাওকঃ

মহিলা আৰক্ষী বিষয়াৰ মানৱীয় পদক্ষেপ! বৃদ্ধৰ মৃতদেহ তুলি লৈ গ’ল কান্ধত, কৰিলে সৎকাৰ

দুষ্কৰ্মৰ ফল পালে হাতে হাতে! চৰাইলৈ বুলি গুলী মাৰি নিজে হ’ল আক্ৰমণৰ বলি!

ৰাম মন্দিৰলৈ এক কোটি টকাৰ বৰঙণি আগবঢ়ালে গুহাবাসী সন্ন্যাসীয়ে !

সেনাৰ বাহনত সন্তান প্ৰসৱ কৰিলে এগৰাকী প্ৰসূতিয়ে!

Leave a Comment