মুণ্ডন কৰি গংগাত স্নান, যজ্ঞত বহি তৃণমূলত যােগদান বিজেপি বিধায়কৰ

নিউজ ডেস্ক। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পাছতে ত্ৰিপুৰা বিজেপিত যেন আৰম্ভ হৈছে খহনীয়া। এজনৰ পিছত এজনকৈ নেতা প্ৰতিনিধিয়ে ঢাপলি মেলিছে তৃণমূল কংগ্ৰেছলৈ।

এইবাৰ এজন বিধায়কে যোগদান কৰিবলৈ আগবাঢ়িছে তৃণমূল কংগ্ৰেছত। তেওঁ হল ত্ৰিপুৰাৰ চুৰমা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক আশীষ দাস।

তেওঁ পূৰ্বেই জনাইছিল যে তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিব। সেই অনুসৰি তেওঁ যোগদান কৰাৰ পূৰ্বে কলকাতালৈ গৈ কালীঘাটত কৰে মুণ্ডন। তাৰ পিছতেই স্নান কৰে গংগাত।

অৰ্থাৎ বিজেপি কৰাৰ প্ৰায়চিত্ত হিচাপে তেওঁ সেই কাম কৰে। সম্ভৱত বুধবাৰে অৰ্থাৎ মহালয়াৰ দিনাই তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

খবৰ অনুসৰি, বিধায়কজনে মংগলবাৰে ত্ৰিপুৰাৰ পৰা গৈ উপস্থিত হয় কলকাতাত। তাৰ পিছতেই তেওঁ পূৰ্ব ঘোষণা অনুসৰি প্ৰথমে মুণ্ডণ কৰে। তাৰ পিছতেই তেওঁ গংগাত স্নান কৰে। আৰু স্নানৰ পিছতেই তেওঁ কৰে যজ্ঞ।

এই সন্দৰ্ভত বিধায়কজনে কয় যে, “বিজেপিলৈ যোৱাৰ প্ৰায়চিত্ত কৰিম মই। আৰু সেইয়া কৰিবৰ বাবেই মই সুদূৰ ত্ৰিপুৰাৰ পৰা আহি উপস্থিত হৈছো কালীঘাটত।”

বিজেপিক আক্ৰমণ কৰি আশীষ দাসে কয়, “কোনখন মুখ আৰু কোনখন মুখা সেইয়া সকলোৱে বুজি পাইছে। সেয়েহে মা, মাটি আৰু মানুহৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছে।”

উল্লেখ্য যে যোৱা মাহত ত্ৰিপুৰাৰ কেইবাজনো বিধায়ক কলকাতালৈ গৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিছিল বুলি খবৰ উলাইছিল। সেইসকলৰ সৈতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ সংঘাত বৃদ্ধি পাইছে বুলি জনা গৈছে।

তাৰ মাজৰেই এজন আছিল আশীষ দাস। ত্ৰিপুৰা বিজেপিৰ এই খহনীয়াই এক বৃহৎ ভাঙোনৰ ইংগিত দিয়া বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত।

Leave a Comment