বৃহৎ পৰিমাণৰ চােৰাং সােণ- নিষিদ্ধ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ ৯

নিউজ ডেস্ক। অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ মাজতে এইবাৰ এনে অপৰাধীৰ বিৰুদ্ধে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ আৰক্ষীয়ে।

নাগালেণ্ড আৰক্ষীয়ে পৃথক পৃথক অভিযানত বৃহৎ পৰিমাণৰ সোণ আৰু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

নাগালেণ্ড আৰক্ষীয়ে কহিমাৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰে চোৰাং সোণ আৰু নিচাজাতীয় পদাৰ্থ। য’ত ৪৮.১৪ কিলোগ্ৰাম ওজনৰ ২৯০ টা সোণৰ বিস্কুট আৰু প্ৰায় ২৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

এই অভিযানক ৰাজ্যখনত এতিয়ালৈকে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আটাইতকৈ সফল অভিযান বুলি অভিহিত কৰিছে নাগালেণ্ড আৰক্ষীয়ে।

আৰক্ষীয়ে এই কাৰ্যৰে জড়িত ৯ জনক আটক কৰে।

খবৰ অনুসৰি, নাগালেণ্ড আৰক্ষীৰ নাৰ্কটিক চেলৰ চোৰাংচোৱাই দেওবাৰে কোহিমা-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনত তালাচী চলায়। য’ত ৪৮ কিলোগ্ৰামৰো অধিক চোৰাং সোণ উদ্ধাৰ হয়। যাৰ মূল্য ২২.৭৮ কোটি টকা বুলি অনুমান কৰা হৈছে।

বাহনখনৰ গিয়াৰ লিভাৰৰ আৱৰণৰ ভিতৰত লুকুৱাই থোৱা সোণৰ দণ্ডবোৰ ২৯ টা পেকেটত পৰিপাটিকৈ পেক কৰা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

FA5qf2-AUYAEye-Qg

আৰক্ষীৰ সূত্ৰ অনুসৰি, চোৰাং সোণ আৰু হালধীয়া ধাতু কঢ়িয়াই অনা এছইউভিখন জব্দ কৰা হৈছে।

আনহাতে উত্তৰ প্ৰদেশৰ বাসিন্দা সৌৰভ সিং আৰু পৱন কুমাৰ নামৰ দুজন লোকক অধিক সোধা-পোছাৰ বাবে আটক কৰা হৈছে।

আন এটা ড্ৰাগছ ৰখাৰ ক্ষেত্ৰত খুজামাৰ এটা নিচাজাতীয় চেকপইণ্টত আৰক্ষী কৰ্মীয়ে ১২ কিলোগ্ৰাম অবৈধ নিষিদ্ধ সামগ্ৰী জব্দ কৰে। যাক আফিম বুলি সন্দেহ কৰা হৈছে।

১২ টা পেকেটত মেৰিয়াই থোৱা প্ৰতিটোৰ ওজন প্ৰায় এক কিলোগ্ৰাম। মণিপুৰৰ বাসিন্দা তুলাৰাম চাৰ্কি আৰু সাগৰ ঘালী নামৰ দুজন লোকক নিষিদ্ধ সামগ্ৰী ৰখাৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰোপৰি কহিমা আৰক্ষীৰ হাইৱে টহলদাৰী গোটে সোমবাৰে পুৱা ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অসমৰ পঞ্জীভুক্ত বাহন আটক কৰে আৰু ৪২ টা চাবোনৰ বাকচ ভৰ্তি ৫৩২ গ্ৰাম নিষিদ্ধ হেৰ’ইন উদ্ধাৰ কৰে।

বাহনখনৰ পৰা চাৰিজন লোকক আটক কৰা হয়। আনহাতে পশ্চিম বংগৰ পঞ্জীয়ন নম্বৰ থকা এখন বাহনত যাত্ৰা কৰি থকা মণিপুৰৰ বাসিন্দা ম: ৰিয়াজুদ্দিনক আৰক্ষীৰ জিম্মাত লোৱা হয়। জব্দ কৰা আফিম আৰু হেৰ’ইনৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৩ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২ অক্টোবৰত নাৰ্কটিক চেলে অবৈধ তথা নিষিদ্ধ হেৰ’ইন জব্দ কৰে। যিখিনি ৪৬ টা চাবোনৰ বাকচত ভৰ্তি হৈ আছিল।

Leave a Comment