মৃত্যুৰ অভিলেখ! ৰাজ্যজুৰি এদিনতে ক’ভিডে প্ৰাণ ল’লে ৭৭ জনৰ

মৃত্যুৰ অভিলেখ! ৰাজ্যজুৰি এদিনতে ক’ভিডে প্ৰাণ ল’লে ৭৭ জনৰ

May 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত নতুন চৰকাৰৰ সন্মুখত প্ৰথম প্ৰত্যাহ্বান হিচাপে থিয় দিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ফলত উদ্ভৱ হােৱা পৰিস্থিতিয়ে।

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই নিজ মুখে এই কথা স্বীকাৰ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ মাজতে আহিছে এক বেয়া খবৰ।

চৰকাৰ গঠনৰ দিনাই ৰাজ্যজুৰি মৃত্যু হ’ল ৭৭ জনকৈ ক’ভিড ৰােগীৰ। মৃতকৰ ভিতৰত সৰ্বাধিক ৩੦ জন লােক গুৱাহাটী মেট্ৰ’ জিলাৰ।

এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌত এদিনতে ৭৭ জনকৈ লােকৰ মৃত্যুৰ এয়াই প্ৰথম ঘটনা।

গুৱাহাটী মেট্ৰ’ৰ উপৰি কামৰূপ জিলাতাে অভিলেখ সংখ্যক লােকে এদিনতে প্ৰাণ হেৰুৱালে মাৰাত্মক ক’ভিড-১৯ৰ সংক্ৰমণত। জিলাখনত সৰ্বমুঠ ১੦ জন লােকৰ মৃত্যু হয়।

ইয়াৰ উপৰিও ডিব্ৰুগড় জিলাতাে এদিনতে ১੦ জন লােকে ক’ভিডত প্ৰাণ হেৰুৱায়।

বঙাইগাঁও জিলাত ৪, গােলাঘাট, নগাঁও, নলবাৰী আৰু শিৱসাগৰ জিলাত ৩ জনকৈ, হােজাই, তিনিচুকীয়া, ওদালগুৰিত ২ জনকৈ আৰু দৰং, ধুবুৰী, যােৰহাট, কৰিমগঞ্জ, শােণিতপুৰ জিলাত ১ জনকৈ লােকে ক’ভিডত প্ৰাণ হেৰুৱাবলগীয়া হয়।

ক’ভিড ৰােগীৰ বাবে উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই সাজু কৰি ৰখা ৰে’লৰ দবা

উল্লেখ্য যে দিনটােত ৭১,১৯৭ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰ মাজতে নতুনকৈ ক’ভিড পজিটিভ হিচাপে চিনাক্ত হয় ৫,৮੦৩ জন লােক।

ইপিনে, ক’ভিডৰ পৰা সুস্থ হােৱা লােকৰ সংখ্যা ৪,২৩১ জন। অসমত সক্ৰিয় ক’ভিড-১৯ ৰােগীৰ সংখ্যা ৩৭,৫੦੦ জন।

লগতে চাওকঃ

নিজে কৃত্ৰিম অক্সিজেন লৈ জীয়াই থাকিও আনক যােগান ধৰিছে প্ৰাণবায়ু!

বিয়াত বহিয়েই পুনৰ ক’ভিড ৰােগীৰ চিকিৎসাত নামিল এগৰাকী মহিলা চিকিৎসক