মৃত ঘোষণা কৰি চৰকাৰে বন্ধ কৰিছিল পেঞ্চন, দৰাৰ সাজত প্ৰতিবাদত নামিল ১০২ বছৰীয়া বৃদ্ধ…

মৃত ঘোষণা কৰি চৰকাৰে বন্ধ কৰিছিল পেঞ্চন, দৰাৰ সাজত প্ৰতিবাদত নামিল ১০২ বছৰীয়া বৃদ্ধ…

September 9, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ মৃত ঘোষণা কৰি চৰকাৰে বন্ধ কৰিছিল পেঞ্চন। বিয়াৰ সাজ পিন্ধি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশাল শোভাযাত্ৰা বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে এগৰাকী ১০২ বছৰীয়া বৃদ্ধই।

এনে এক অদ্ভূত আৰু আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ৰোহতক জিলাত। জানিব পৰা মতে, ৰোহতকৰ নিৱাসী দিলো চান্দ নামৰ এগৰাকী ১০২ বৰ্ষীয় বৃদ্ধক চৰকাৰী নথিত মৃত লিপিবদ্ধ কৰি যোৱা মাৰ্চ মাহৰ পৰাই তেওঁৰ পেঞ্চন বন্ধ কৰি ৰাখিছিল চৰকাৰে।

চৰকাৰৰ এই সিদ্ধান্তত ক্ষুব্ধ হৈ পৰে অশীতিপৰ বৃদ্ধগৰাকীৰ লগতে গাঁওবাসী। যাৰ বাবে তেওঁলোকে এক অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি, দিলো চান্দে দৰাৰ সাজ পিন্ধি ৰথসদৃশ বাহনত উঠি গাঁওবাসীক লগত লৈ মানস সৰোবৰৰ পাৰ্কৰ পৰা কেনেল ৰেষ্টলৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে। এই শোভাযাত্ৰাৰ সময়ত ‘আপোনাৰ খুৰা এতিয়াও জীয়াই আছে’, ‘দিলো চান্দ জীয়াই আছে’, ‘মই জীয়াই আছো’ আদি শ্ল’গান সম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পিছতে দিলো চান্দে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা মনীষ গ্ৰোভাৰক সাক্ষাৎ কৰি আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক আদি দাখিল কৰি জীয়াই থকাৰ প্ৰমাণ প্ৰদান কৰি পেন্সনটো পুনৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়। বৃদ্ধগৰাকীৰ এই প্ৰতিবাদী বিশাল শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে আম আদমি পাৰ্টিৰ হাৰিয়ানাৰ প্ৰাক্তন প্ৰধান নবীন জয়হিন্দে৷