মেট্ৰিকৰ পাছতে উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাও স্থগিত!

নিউজ ডেস্ক। অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ই অহা ১১ মে’ৰ পৰা অনুষ্ঠিতব্য হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষা স্থগিতকৰণৰ কথা ঘােষণা পাছত এইবাৰ উচ্চতম মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা স্থগিত বুলি ঘােষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। ।

এক জাননী যোগে এই কথা প্ৰকাশ কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে।

ৰাজ্যৰ শেহতীয়া ক’ভিড জনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে পৰীক্ষা স্থগিত কৰা বুলি এই বিভাগীয় জাননীয় প্ৰকাশ কৰা হৈছে।

এই জাননী টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

পৰবৰ্তী জাননী প্ৰকাশ নকৰা পৰ্যন্ত পৰীক্ষা স্থগিত থাকিব বুলি জাননীখনত কােৱা হৈছে।

Leave a Comment