মেৰী কমক উপহাৰ প্ৰদান ৰেন’ল্ট ইণ্ডিয়াৰ

নিউজ ডেস্ক। অলিম্পিক বিজেতা তথা ছয়বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন মেৰী কমক উপহাৰ প্ৰদান ৰেন’ল্ট ইণ্ডিয়াৰ।

২৮ আগষ্টত এক অনুষ্ঠানত টকিঅ’ অলিম্পিকৰ পতাকাবাহক (flagbearer) তথা কিংবদন্তি বক্সাৰ মেৰী কমক সন্মানিত কৰে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ৰেন’ল্ট ইণ্ডিয়াই।

গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টোৱে বক্সাৰ গৰাকীক এখন ৰেনল্ট কিগাৰ কম্পেক্ট এছইউভি গাড়ী উপহাৰ দিয়ে।

ৰেন’ল্ট ইণ্ডিয়া অপাৰেচনৰ দেশৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালনা সঞ্চালক ভেংকটৰাম মামিল্লাপালে মেৰী কমক কিগাৰৰ সম্পূৰ্ণ নতুন সংস্কৰণৰ চাবি প্ৰদান কৰে। তেওঁ মেৰী কমক ৰাষ্ট্ৰৰ বাবে অনুপ্ৰেৰণা হিচাপে এই উপহাৰ প্ৰদান কৰি অভিনন্দন জনায়।

কোম্পানীটোৱে এক বিবৃতিত কয় যে, “চনি উইলচন আৰু অঞ্জু ববি জৰ্জৰ পিছত মেৰী কম হৈছে তৃতীয় গৰাকী মহিলা এথলীট, যি অলিম্পিকত ভাৰতৰ পতাকাবাহক। প্ৰবীণ বক্সাৰ মেৰী কমে সদায় দেশক গৌৰৱান্বিত কৰি আহিছে। সেয়া বক্সিঙৰ ৰিঙৰ ভিতৰত হওক বা বাহিৰত হওক।”

240794047-4303006409778980-7262232943215388650-n

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰেনল্ট ইণ্ডিয়াই টকিঅ’ অলিম্পিকত পদক বিজয়ী মীৰাবাই চানু আৰু লভলিনা বৰগোহাঁইক নতুন কম্পেক্ট এছইউভি গাড়ী উপহাৰ দিছিল।

Leave a Comment