মোবাইলত কথা পাতি গৈ থকাৰ সময়তে উন্মুক্ত মেনহোলত সোমাই পৰিল মহিলা, তাৰ পিছত…

নিউজ ডেস্ক। মোবাইলত কথা পাতি পথ পাৰ হোৱা বা খোজ কাঢ়ি যোৱাটো কিমান ভয়াবহ, তাৰ প্ৰমাণ হৈছে আপুনি বহুবাৰ দেখিছে, শুনিছে।

তেনে এক ঘটনাৰে এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

মোবাইলত কথা পাতি পাতি বজাৰৰ পৰা উভতাৰ সময়তে পথৰ ওপৰৰ খোলা মেনহোলত সোমাই পৰে এগৰাকী মহিলা।

অৱশ্যে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে মহিলাগৰাকী।

জানিব পৰা মতে, ভাইৰেল হৈ পৰা এই ভিডিঅ’টো বিহাৰৰ পাটনা চহৰৰ ৱাৰ্ড-৫৬ৰ অন্তৰ্গত মালিয়া মহাদেৱ জাল্লা ৰোডৰ।

‘নমামী গংগা’ আঁচনিৰ অধীনত নলা নিৰ্মাণৰ বাবে পথৰ ওপৰৰ এটা মেনহোল খুলি ৰখাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। যাক লৈ স্থানীয় নিৱাসীসকলৰ মাজত অসন্তুষ্টি প্ৰকাশ পাইছে।

ভিডিঅ’টোত দেখা পোৱা মতে, এগৰাকী মহিলাই এহাতত বজাৰৰ মোনা আৰু আনহাতৰ মোবাইলত কথা পাতি গৈ থকাৰ সময়তে অসাৱধানবশতঃ মেনহোলৰ ভিতৰত সোমাই পৰে। লগে লগে একাংশ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অচিনাক্ত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও আঘাত গুৰুতৰ নহয় বুলি জানিবলৈ দিয়ে চিকিৎসকে। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ পৰে চিচিটিভি কেমেৰাত। যি ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

আনহাতে স্থানীয় নিৱাসীৰ অভিযোগ অভিযোগ অনুসৰি, প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। নলা নিৰ্মাণৰ নামত ব্যস্ত অঞ্চল এটাৰ মেনহোল মুক্ত কৰি ৰখা কাৰ্য দীৰ্ঘদিনৰ পৰাই চলি আহিছে।

ঢাকনি নমৰাকৈ এৰি যোৱা এনে মেনহোলৰ বাবে পূৰ্বেও দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে স্থানীয় নিৱাসী সকলে।

লগতে চাওকঃ

অহা ২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

Leave a Comment