মৰহি গ’ল সপোন! গাঁৱৰ পৰা চহৰলৈ পঢ়িবলৈ অহা শেৱালীয়ে প্ৰাণ হেৰুৱালে ৰে’লৰ খুন্দাত

নিউজ ডেস্ক। অলেখ আশা বুকুত বান্ধি ধেমাজিৰ এখন সৰু গাঁৱৰ পৰা চহৰলৈ আহিছিল এগৰাকী যুৱতী। সপোন আছিল- উচ্চ শিক্ষা গ্ৰহণ কৰি আত্ম নিৰ্ভৰশীল হোৱাৰ।

অকালতে পিতৃক হেৰুওৱা যুৱতীগৰাকীয়ে গুৱাহাটীলৈ আহি এগৰাকী বান্ধৱীৰ সতে পানীখাইতীত ভাড়াতীয়া হিচাপে থাকি অধ্যয়ন কৰি আছিল ডাউন টাউন বিশ্ববিদ্যালয়ৰ ‘মেডিকেল ট্রমা’ বিভাগত। এইবাৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী আছিল তেওঁ।

কিন্তু নিয়তিয়ে যেন বিচৰা নাছিল যুৱতীগৰাকীৰ সপোন পূৰণ হোৱাটো।

বান্ধৱীৰ সৈতে ৰন্ধন গেছৰ চিলিণ্ডাৰ আনিবলৈ যাওতেই ৰেললাইন পাৰ হোৱাৰ সময়ত দ্ৰুতবেগী ৰেলৰ চেপাত প্ৰাণ হেৰুৱালে গাঁৱৰ পৰা আহি মহানগৰীত সপোন গুঠা যুৱতীগৰাকীয়ে।

এই কৰুণ ঘটনাই এতিয়া শোকবিহ্বল কৰি তুলিছে সকলোকে। ধেমাজিৰ জন্ম গাঁওখনত কন্যাক হেৰুওৱাৰ ব্যথাত ভাগি পৰিছে মাতৃ আৰু গাঁওবাসী।

উল্লেখ্য যে, ধেমাজি জিলাৰ চিমেন চাপৰিৰ অন্তর্গত ডেকাপাম উদয়পুৰ গাঁৱৰ প্ৰয়াত দুলেশ্বৰ সোণোৱাল আৰু গোপালী সোণোৱালৰ জীয়ৰী শেৱালী সােণােৱাল।

সৰুতেই পিতৃক হেৰুওৱা শেৱালীক গুৱাহাটীত অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট সমৰ্থন কৰিছিল মাতৃ আৰু আত্মীয়ই।

উচ্চ শিক্ষা গ্ৰহণ কৰি স্বাৱলম্বী হব বিচৰা যুৱতীগৰাকীয়ে বৃহস্পতিবাৰে পুৱা ১০.৩০ মান বজাত গেছ চিলিণ্ডাৰ আনিবলৈ ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই এই দুর্ঘটনা সংঘটিত হয়।

শেৱালীয়ে ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই এখন দ্ৰুতবেগী ৰে’লে নিমিষতে মহতিয়াই লৈ যায় যুৱতীগৰাকীক।

ইফালে এই দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে শেৱালীৰ মৃতদেহ উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

তাৰ পিছতে যুৱতীগৰাকীৰ মৃতদেহ জোনাই মহকুমাৰ ডেকাপাম উদয়পুৰ গাঁৱৰ নিজ ঘৰলৈ অনা হয়।

জানিব পৰা মতে, ২০১৭ চনত ডেকাপাম হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০১৯ চনত পশ্চিম জোনাই কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈ গুৱাহাটীত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকী।

ছাত্ৰীগৰাকীৰ এনে অকাল মৃত্যুৱে গভীৰ শােকৰ ছাঁ পেলাইছে আত্মীয়-স্বজনৰ উপৰি ওপজা গাঁওখনৰ বাসিন্দাসকলৰ মাজত।

Leave a Comment