মৃত্যুৰ পিছতো ৩ জনক নতুন জীৱন দি গ’ল এগৰাকী মহিলা চিকিৎসকে…

নিউজ ডেস্ক। চিকিৎসকৰ বাবে বহু লােকে লাভ কৰে নতুন জীৱন। ইয়াৰ বাবেই চিকিৎসকক ভগৱানৰ সৈতে তুলনা কৰা হয়।

কিন্তু এইবাৰ নিজৰ মৃত্যুৰ পিছতো ৩ জন লোকক অংগ দান কৰি নতুন জীৱন দান দি সঁচা অৰ্থতে নিজকে ভগৱানতুল্য কৰি সংসাৰৰ পৰা বিদায় ল’লে এগৰাকী মহিলা চিকিৎসকে।

এই চিকিৎসকগৰাকী হ’ল ডাঃ সংযুক্তা শ্যাম ৰয়, ঘৰ পশ্চিম বংগৰ ৰাজধানী চহৰ কলকাতাৰ নিউ টাউনৰ বাসিন্দা।

স্বামী আৰু কন্যাৰ সৈতে ডাঃ সংযুক্তা (ফাইল)

কৰ্মজীৱনত তেওঁ আছিল বহুতো অস্ত্ৰোপচাৰৰ সফলতাৰ আঁৰৰ ব‍্যক্তি।

মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত, শল্য চিকিৎসকসকলৰো প্ৰথম পছন্দ আছিল এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ সংযুক্তা শ্যাম ৰয়।

আনকি মৃত্যুৰ পাছতো তেওঁ হৈ তিনিজনকৈ লোকক নতুন জীৱন প্ৰদান কৰে।

ইতিমধ্যে ‘ব্ৰেইন ডেড’ ঘটা সংযুক্তাৰ বৃক্ক আৰু যকৃত তিনিজন লোকৰ শৰীৰত সফলতাৰে সংৰোপণ কৰা হৈছে। সংৰোপণৰ পিছত এতিয়া তেওঁলোক সকলো সম্পূৰ্ণ সুস্থ।

বুধবাৰে ৰাতিপুৱা, এটা এটাকৈ, বিভিন্ন চিকিৎসালয়ৰ প্ৰতিনিধি দল চেন্নাই স্থিত এপোলোলৈ আহি পৰ্য‍্যায়ক্ৰমে যকৃত আৰু দুয়োটা বৃক্ক সহ কৰ্ণিয়া সংগ্ৰহ কৰে।

বুধবাৰে ৰাতিপুৱা চেন্নাইৰ পৰা বিশেষজ্ঞ চিকিৎসকৰ এটা দল উপস্থিত হৈ কলিকতাৰ এজন ৬১ বছৰীয়া ব্যক্তিৰ শৰীৰত সংযুক্তাৰ যকৃতৰ সফল সংৰোপণ কৰে।

৪১ বছৰীয়া সংযুক্তাৰ আন এটা বৃক্ক এছ.এছ.কে.এম. চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু আনটো লৈ যোৱা হৈছিল ডাম ডামৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ। তাতে এগৰাকী ৫১ বছৰীয়া মহিলাৰ দেহত এই বৃক্কটো সংৰোপণ কৰা হয় ।

ইফালে, এছএছকেএম চিকিৎসালয়ত ৩৩ বছৰ বয়সৰ এজন যুৱকৰ শৰীৰত দ্বিতীয়টো বৃক্ক সংৰোপণ কৰা হৈছে। যিজন বৰ্তমান সম্পূৰ্ণ সুস্থ ।

সংযুক্তাৰ স্বামী আৰু তেওঁৰ আত্মীয়সকলে দাঙি ধৰা এই নিদৰ্শনক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।

কৰ্মজীৱনত অগণন ৰোগীৰ জীৱন ৰক্ষা কৰা সংযুক্তা মৃত্যুৰ পিছতো এনে কৰ্মৰ যোগেৰেই সকলোৰে মাজত জীয়াই থাকিব বুলিও সকলোৱে উল্লেখ কৰে।

লগতে চাওকঃ

মৰহি গ’ল সপোন! গাঁৱৰ পৰা চহৰলৈ পঢ়িবলৈ অহা শেৱালীয়ে প্ৰাণ হেৰুৱালে ৰে’লৰ খুন্দাত

Leave a Comment