মৰ্মান্তিক! আত্মীয় বিয়াৰ পৰা উভতি অহাৰ পথতে চলন্ত ৰে’লত লোহাৰ ৰ’ডে ডিঙি ভেদ কৰিলে হৰিকেশৰ, মৃত্যু

মৰ্মান্তিক! আত্মীয় বিয়াৰ পৰা উভতি অহাৰ পথতে চলন্ত ৰে’লত লোহাৰ ৰ’ডে ডিঙি ভেদ কৰিলে হৰিকেশৰ, মৃত্যু

December 3, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ভগ্নীৰ ননদৰ বিবাহ অনুষ্ঠানত ভাগ লৈ ৰে’লেৰে গৃহাভিমুখে ওভতাৰ পথতে কোনেও কল্পনা নকৰাকৈ মৃত্যুক সাৱটি ললে এজন ব্যক্তিয়ে।

ৰে’লত খিৰিকিৰ কাষৰ চিটত বহি একান্তমনে আহি থকাৰ সময়তে হঠাৎ খিৰিকি ভাঙি প্ৰৱেশ কৰা এডাল লোহাৰ ৰডে ডিঙি ভেদি যায় উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ গোপীনাথপুৰৰ নিৱাসী হৰিকেশৰ।

এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় যুৱকজনে।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ সংমণ্ডলত দিল্লী-কানপুৰ নীলাচল এক্সপ্ৰেছত সংঘটিত এই মৰ্মান্তিক ঘটনাই শোকস্তব্ধ কৰি তুলিছে হৰিকেশৰ পৰিয়ালৰ লগতে সকলোকে।

জানিব পৰা মতে, হৰিকেশে ভগ্নীৰ ননদৰ বিয়াত অংশ লৈ শুকুৰবাৰে দিল্লী-কানপুৰ নীলাচল এক্সপ্ৰেছযোগে ঘৰলৈ উভতিছিল।

তেওঁ ৰে’লৰ ডবাত খিৰিকিৰ কাষৰ এটা চিটত নিৰৱে বহি থকাৰ সময়তে হঠাৎ চলন্ত ৰেলখনৰ খিৰিকি ভাঙি এডাল জোঙা লোহাৰ ৰ’ড সোমাই আহে।

এই লোহাৰ ৰ’ডডালে খিৰিকিমুখত বহি থকা হৰিকেশৰ ডিঙি ভেদি যোৱাত ৰক্তক্ষৰণ হৈ তাতেই মৃত্যুবৰণ কৰে।

পিছত আলিগড় ষ্টেছনত ৰে’লখন ৰখাই যুৱকজনৰ মৃতদেহটো ৰে’ল আৰক্ষীক চমজাই দিয়া হয়।

জানিব পৰা মতে, এই দুৰ্ঘটনাৰ সময়ত ৰে’লপথৰ মেৰামতিৰ কাম চলি আছিল। ৰে’লপথৰ মেৰামতিৰ কামত ব্যৱহৃত এডাল ৰ’ডেই ঘণ্টাত ১১০ কিলোমিটাৰ বেগত আহি থকা ৰে’লখনৰ খিৰিকি ভাঙি মৃত্যুৰ কাৰণ হৈ পৰে হৰিকেশৰ।

উল্লেখ্য যে, মাত্ৰ ৩ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা হৰিকেশৰ আছে দুটি কণমানি সন্তান। হঠাৎ হৰিকেশৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰিছে পত্নীৰ লগতে গোটেই পৰিয়ালটো।