মৰ্মান্তিক! একেলগে পৰীক্ষা দিবলৈ গৈ বাছ দুৰ্ঘটনাত প্ৰাণ গ’ল নৱ দম্পতীৰ!

নিউজ ডেস্ক। নিয়তীৰ কি নিষ্ঠুৰ পৰিহাস! যুগ্ম জীৱনৰ পাতনি মেলাৰ সময়তে এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ কাঢ়ি নিলে নৱ দম্পতীৰ।

যােৱা ১৬ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশৰ সিধি জিলাৰ পাটনা গাঁৱত সংঘটিত ভয়াৱহ বাছ দুৰ্ঘটনাই কাঢ়ি নিছিল ৫১ জনকৈ লােকৰ প্ৰাণ।

এই অভিশপ্ত বাছখনতে যাত্ৰা কৰিছিল জিলাখনৰ গেৱটা গাঁও পঞ্চায়তৰ বাসিন্দা অজয় আৰু পত্নী তপস্যা।

উল্লেখ্য যে ৮ জুন ২੦২੦ তাৰিখে যুগ্ম জীৱনৰ পাতনি মেলিছিল নৱ-দম্পতীহালে।

স্বামী অজয়ে পত্নী তপস্যাক এ এন এমৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পূৰ্ণ সহযােগিতা আগবঢ়াইছিল।

ঘটনাই দিনাখনেই দুয়াে সেই অভিশপ্ত বাছখনেৰে ৰাওনা হৈছিল পৰীক্ষাৰ বাবে। কিন্তু মাজবাটতে নিয়তিয়ে কাঢ়ি নিলে নৱ দম্পতীহালৰ জীৱন।

দুয়ােৰে মৃতদেহ গাঁওখনত উপস্থিত হােৱাৰ লগে লগে সৃষ্টি হ’ল এক শােকাকুল পৰিৱেশৰ।

অগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ আৰম্ভণি কৰা দম্পতীহালৰ একেলগে চিতা জ্বলিল গাঁওখনত।

লগতে চাওকঃ

কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই

জনপ্ৰিয়তা বাঢ়িব, তথাপিও মুখ্যমন্ত্ৰীৰ আসনত বহিব নােৱাৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা!

পোহনীয়া গৰুৰ দেহত সংস্থাপন কৰা হ’ব মাইক্ৰ’ চিপ! ৰাজপথত ধৰা পৰিলে জৰিমনা ২৫,০০০ টকা

পেট্ৰ’ল পাম্পৰ সন্মুখত দুহাতত বেট্ আৰু হেলমেট্ লৈ প্ৰতিবাদ যুৱকৰ!

Leave a Comment