মৰ্মান্তিক! কন্যা সন্তান প্ৰসৱৰ দুসপ্তাহ পিছতে ক’ভিডত মহিলাৰ মৃত্যু

নিউজ ডেস্ক। পুনৰ ক’ভিড-১৯ৰ বাবেই কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ।

কন্যা সন্তান প্ৰসৱৰ দুসপ্তাহ নৌহওঁতে ক’ভিড-১৯ৰ সংক্ৰমণৰ বাবে চিৰদিনৰ বাবে গুচি গ’ল এগৰাকী মাতৃ।

এই শােকাৱহ ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাত।

জানিব পৰামতে, দুসপ্তাহ পূৰ্বে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল এইগৰাকী প্ৰসূতি মাতৃগৰাকীক।

কিন্তু ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি হোৱাত গুৱাহাটীৰ ক’ভিড চেণ্টাৰলৈ তেওঁক প্ৰেৰণ কৰা হয়।

দুৰ্ভাগ্যক্ৰমে গুৱাহাটী ক’ভিড চেণ্টাৰত ক’ভিডৰ সৈতে যুঁজি শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁঁ মৃত্যুৰ সময়ত স্বামী আৰু ১৩ দিনীয়া এটি কন্যা সন্তান এৰি থৈ যায়।

এই ঘটনাই সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে।

Leave a Comment