
মৰ্মান্তিক! কলেজলৈ যােৱাৰ পথত ট্ৰেক্টৰে মহটিয়াই নিলে মেধাবী ছাত্ৰীক, থিতাতে মৃত্যু
December 16, 2022নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
অকালতে প্ৰাণ গ’ল এগৰাকী মেধাবী ছাত্ৰীৰ।
লখিমপুৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা।
ট্ৰেক্টৰৰ খুন্দাত থিতাতে প্ৰাণ গ’ল লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী লুকুমণি সোণোৱালৰ।

দুৰ্ঘটনাটো সংঘটিত হৈছে লখিমপুৰৰ চুতীয়াকাৰিত।
জানিব পৰামতে, লুকুমণি নামৰ ছাত্ৰীগৰাকীয়ে ৰাতিপুৱা মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই নিয়ে।
ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় লুকুমণি সোণোৱাল নামৰ ছাত্ৰীগৰাকী।