মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘূৰি অহাৰ পথত দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যু মহিলা চিকিৎসকৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

কৰ্তব্যস্থলীৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী মহিলা চিকিৎসকৰ।

নিহত চিকিৎসকগৰাকীৰ নাম ডাঃ ৰিজুৱানা বেনজিৰ (৩੦)।

এই কৰুণ দুৰ্ঘটনাৰ স্থান নগাঁও জিলাৰ বঢ়মপুৰৰ নৰ্তম গাঁৱেৰে পাৰ হৈ যােৱা ৰাষ্ট্ৰীয় ঘাইপথ।

জানিব পৰা মতে, পুৱা নিজৰ কৰ্তব্যস্থলী কাৱৈমাৰী চিকিৎসালয়ৰ পৰা নগাঁৱৰ দিশে নিজৰ এএছ ০৬ এই ৫০০৬ নম্বৰৰ আই ১০ বাহনখন চলাই যােৱাৰ সময়তে ভুল দিশেৰে সন্মুখলৈ অহা আল্ট্ৰা বাছৰ সৈতে হােৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যু ঘটে মহিলা চিকিৎসকগৰাকীৰ।

জানিব পৰা মতে, কাৱৈমাৰী চিকিৎসালয়ৰ চিকিৎসক ডা০ ৰিজুৱানা বেনজিৰৰ আই১০ বাহনখনৰ সৈতে আৰক্ষীৰ লােক কঢ়িয়াই ভুল দিশেৰে অহা এএছ ০১ এইছচি ১৪৫০ নম্বৰৰ আল্ট্ৰা বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

বাছৰ খুন্দাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা আই১০ বাহনখনৰ ভিতৰত আহত অৱস্থাত আধা ঘণ্টাৰো অধিক সময়ত আৱদ্ধ হৈ থাকে মহিলা চিকিৎসকগৰাকী।

পিছত স্থানীয় লোক আৰু আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে চিকিৎসক ডা০ ৰিজুৱান বেনজিৰৰ।

জানিব পৰা মতে, নিহত চিকিৎসকগৰাকীৰ ঘৰ নগাঁও চহৰৰ শইকীয়া মছজিদৰ সমীপত।

ইফালে আৰক্ষী জোৱান কঢ়িয়াই অনা বাছখনে ভুল দিশেৰে আহি থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি মন্তব্য কৰিছে প্ৰত্যক্ষ দৰ্শীয়ে।

দুৰ্ঘটনাত মহিলা চিকিৎসকগৰাকীৰ মৃত্যুত সমগ্ৰ নগাঁওত শোকৰ ছাঁ পৰিছে।