মৰ্মান্তিক! কৰ্তব্যৰত অৱস্থাতে হাৰ্ট এটেকত আকস্মিক মৃত্যু অ’চি দিব্যধৰ সোণোৱালৰ

মৰ্মান্তিক! কৰ্তব্যৰত অৱস্থাতে হাৰ্ট এটেকত আকস্মিক মৃত্যু অ’চি দিব্যধৰ সোণোৱালৰ

November 24, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

কৰ্তব্যৰত অৱস্থাত হঠাতে অসুস্থ হৈ আকস্মিক মৃত্যুক আকােৱালি ল’লে এগৰাকী আৰক্ষী বিষয়াই।

এই বিষয়াগৰাকীৰ নাম দিব্যধৰ সােণােৱাল।

তেওঁ শদিয়া আৰক্ষীৰ জিলাৰ অন্তৰ্গত ছৈখোৱাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল।

জানিব পৰামতে, বুধবাৰে দুপৰীয়া ছৈখোৱাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যধৰ সোণোৱালে টহল দিয়াৰ বাবে ন-দিহিং নদী পাৰ হৈ সীমান্তৰ টেঙাপানী গাঁৱলৈ গৈছিল।

নদী পাৰ হৈ টেঙাপানী গাঁৱত কিছু সময় কটোৱাৰ পিচত পুনৰ সীমান্তৰ টেঙাপানী গাঁৱৰ পৰা প্ৰায় তিনি কিলোমিটাৰ খোজকাঢ়ি ন-দিহিং নদী পাৰ হৈ গাড়ীৰে আহি থাকোতে হঠাৎ মুখেদি ফেন ওলাই অচেতন হৈ পৰে।

লগত যোৱা আৰক্ষীৰ দলটোৱে লগে লগে বিষয়াগৰাকীক ডুমডুমাৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

জানিব পৰা মতে, তেওঁ পূৰ্বৰে পৰা মধুমেহ, উচ্চ ৰক্তচাপ ৰোগত ভুগি আছিল।

আৰক্ষী বিষয়াগৰাকীৰ হাৰ্ট এটেক হৈ মৃত্যু হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰে।

এগৰাকী সৎ আৰক্ষী বিষয়া হিচাপে পৰিচিত দিব্যধৰ সোণোৱালৰ ঘৰ আৰৈমুৰীয়া গাঁৱত যদিও তেওঁ গোলাঘাট জিলাত স্থায়ীভাৱে ঘৰ সাজি থাকিবলৈ লৈছিল।

মৃত্যুৰ সময়ত আৰক্ষী বিষয়াজনে এহাল ল’ৰা-ছোৱালী আৰু পত্নীক এৰি থৈ গৈছে।

অৱসৰ গ্ৰহণলৈ প্ৰায় তিনি বছৰমান বাকী থকা সৎ আৰক্ষী বিষয়াজনৰ মৃত্যুত ছৈখোৱা অঞ্চলত শোকৰ ছাঁ পৰিছে।